Breaking

বাক্সাত কৃষি বিভাগৰ দ্বাৰা কৃষকৰ মাজত চইল হেল্থ কাৰ্ড বিতৰণ

0 2,052

ৰাজ্যৰ কৃষি বিভাগে কৃষক সকলক অধিক গুৰুত্ব আৰোপ কৰি সময়ে সময়ে সাৰ, বীজ, পাৱাৰটিলাৰ, পাম্পছেট আদি বিতৰণ কৰি আহিছে ৷ তাৰেই ফলস্বৰূপে আজি বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বগুলামাৰী গাৱত বাক্সা জিলা কৃষি বিভাগৰ দ্বাৰা কৃষকসকলৰ মাজত চইল হেল্থ কাৰ্ড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে এই কাৰ্ডৰ জৰিয়তে কৃষকসকলে খেতিৰ বাবে নিৰ্বাচিত মাটিৰ গুণাগুণ সম্পৰ্কে বিস্তৃত প্ৰতিবেদন লাভ কৰাৰ উপৰিও বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে কি শস্য ৰোপণ কৰিব অথবা উৎপাদন বৃদ্ধিৰ বাবে খেতিত কি ধৰণৰ সাৰৰ প্ৰয়োগ কৰিব এই সম্পৰ্কে কৃষকসকল জ্ঞাত হ’ব পাৰিব বুলি উল্লেখ কৰে ৷ কৃষক সকলে কেনেধৰণৰ ব্যৱস্থা ল’লে কৃষি সামগ্ৰী চৰকাৰৰ পৰা পাব পাৰি সেই সম্পৰ্কেও বিষদভাৱে বক্তব্য আগবঢ়ায় জিলা কৃষি বিষয়া গৰাকীয়ে ৷ আজিৰ এই অনুষ্ঠানত কৃষকৰ মাজত ৫৮০ খন চইল হেল্থ কাৰ্ড বিতৰণ কৰা হয় ৷ কাৰ্ড বিতৰণী অনুষ্ঠানত কৃষি বিষয়া দুলাল দাস, মুনীন্দ্ৰ শৰ্মাৰ লগতে কেবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave A Reply