Breaking

বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা বিশেষভাৱে সক্ষম লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ

0 2,017

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ তম জন্ম জয়ন্তীৰ পালন কৰাৰ পিছত ইয়াৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে ২‍১ দিনীয়াকৈ এক সেৱা আৰু সমৰ্পণৰ কায্যসূচী হাতত লৈছে। এইকাৰ্যসূচীৰ অংশ হিচাপে কালি বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ এটি সঁজাতী দলে কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা, কালুবাৰী, পথালিপাৰা, বৰুৱা-বালিঝাৰ আদি বিভিন্ন ঠাইত একাংশ বিশেষভাৱে সক্ষম লোকৰ মাজত হুইল চেয়াৰ, ট্ৰাই চাইকেল, শ্ৰৱন সহায়ক,  চকুৰ যন্ত্ৰ আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰে। সঁজাতী দলটোৱে প্ৰধান নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সেৱাৰ মনোভাৱেৰে দৰিদ্ৰ, নিৰীহ, নিপীড়িত লোকক সহায়ৰ বাবেই ওলাই অহাৰ কথা অৱগত কৰাৰ লগতে আগন্তক সমায়ত পৰ্যায় ক্ৰমে সমগ্ৰ অসমতে ৰাইজক সহায়ৰ বাবে পদক্ষেপ হাতত লব বুলি কয়। সঁজাতী দলটোত বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াজ কুজুৰ, উপ-সভাপতি ক্ৰমেখলিলুৰ ৰহমান, তবিবুৰ ৰহমান, খাইৰুল ইছলাম, আব্দুছ ছালাম, অঞ্জুমা বেগম,সাধাৰণ সম্পাদকদ্বয় ছহিদুল ইছলাম,মোস্তাফ উদ্দিন আহমেদ, কাৰ্যালয় সম্পাদক যশপাল সিঙ, কাৰ্যনিৰ্বাহক সদস্য ওচমান গনি, আলাউদ্দিন আৰু ইলিয়াছ আলী উপস্থিত থাকে ।

Leave A Reply