Breaking

ধুবুৰীৰ কালিবাড়ীত ষঠ পূজা উপলক্ষে দৰিদ্ৰ লোকৰ মাজত বিভিন্ন সা সামগ্ৰী বিতৰণ

0 64

মঙলবাৰে সন্ধিয়া ধুবুৰী কালিবাড়ী মন্দিৰ কমিটিৰ উদ্যোগত আগন্তক ষঠ পূজা উপলক্ষে দৰিদ্ৰ লোকৰ মাজত বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰে।

অসহায় দৰিদ্ৰ নিচলা লোকসকলে যাতে সমাগত ষঠ পূজাত ভালদৰে পূজা পালন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওলোকক কুলা, পাচি, লাও আৰু বস্ত্ৰ বিতৰণ কৰা পৰিলক্ষিত হয়।

লগতে ধুবুৰী কালিবাড়ী কমিটিৰ সদস্য তথা এগৰাকী সমাজ সেৱক দীপাংকৰ মজুমদাৰে অসহায় লোকসকলক যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে সকলোকে আহ্বান জনায়।

Leave A Reply