Breaking

ভুৱা এনকাউন্টাৰৰ সন্দৰ্ভত ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত জিলা এবচুৰ প্ৰতিবাদ

0 2,026

কোকৰাঝাৰ জিলাৰ উল্টাপানীত এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ।২২ছেপ্তেম্বৰত ওদালগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাই।ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সন্মুখত অনুষ্ঠিত  এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ  কেবা শতাধিক প্ৰতিবাদকাৰী উপস্থিত আছিল।আমাক ন্যায় লাগে, ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, কোকৰাঝাৰ আৰক্ষী গ’বেক আদি বিভিন্ন শ্লোগান প্ৰদানেৰে উত্তাল কৰি তোলে অৱস্থানস্থলী। প্ৰতিবাদকাৰীসকলেকোকৰাঝাৰৰ ঘটনাক ভুৱা এনকাউণ্টাৰ আখ্যা বুলি উল্লেখ কৰি নিহত দুই যুৱকৰ হত্যাকাণ্ডৰ ন্যায় দাবী কৰে। প্ৰতিবাদকাৰীসকলৰএনে ধৰণৰ ভুৱা এনকাউণ্টাৰ সহ্য নকৰাৰ হুংকাৰ দি  ন্যায়িক তদন্তৰ দাবী তোলে  সংগঠনটোৰ নেতৃবৃন্দই লগতেনিহত লোকৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনায় ।

Leave A Reply