Breaking

নগাঁৱৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় কনটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ

0 1,087

নগাঁও : নগাঁৱৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়টো কনটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰে নগাঁও জিলা প্ৰশাসনৰ। উল্লেখযোগ্য যে, কাৰ্যলটোত কম্পিউটাৰ বিভাগত কৰ্মৰত আশীষ চাহা নামৰ এগৰাকী কৰ্মচাৰীৰ দেহত সোমবাৰে ধৰা পৰিছে ক’ভিড ১৯ ৰ উপস্থিতি। ইয়াৰ পূৰ্বেও দেওবাৰে গোপাল থাপা নামৰ কাৰ্যালয়টোৰ আন এজন চালকজনৰ দেহতো ধৰা পৰিছিল ক’ভিড ১৯ৰ পজিটিভ। সম্প্ৰতি কভিড ১৯ ত আক্ৰান্ত দুয়োকে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ভৰ্তি কৰোৱা হৈছে। এই দুয়োজন কৰ্মচাৰীৰ কোনো ভ্ৰমণ বৃত্তান্ত নাছিল বুলি বিভাগীয় সূতে জানিব পৰা গৈছে। ইয়াৰ পাছতে নগাঁও জিলা প্ৰশাসনে কায্যালয়টো ৪/৫ দিনৰ বাবে কংটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে কাৰ্যালয়টো সম্পূৰ্ণ ৰূপে ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে। এতিয়াৰ পৰা কাৰ্যালয়টোৰ কাম-কাজ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ (DRD) কাৰ্যালয়ৰ সভাকক্ষৰ পৰা চলিব বুলি যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আনহাতে, জিলাখনৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত একেলগে ৪৮ জন কয়দীৰ দেহত ধৰা পৰিল ক’ভিদ ১৯ পজিটিভ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ক’ভিদ ১৯ ৰ গণসংক্ৰমণ আশংকা কৰা হৈছে। কাৰাগাৰটোত পূৰ্বেও কভিড-১৯ ত আক্ৰান্ত হৈছিল আন ৭ জন লোক। সকলো ক’ভিড পজিটিভ কয়দীক একেলগে কাৰাগাৰত ৰখাৰ ফলতে কাৰাগাৰৰ ভিতৰ চৰাত হৈছিল গণসংক্ৰমণ। কেইদিনমানৰ পূৰ্বে কাৰাগাৰটোৰ চিকিৎসক পি এন বৰা কভিড-১৯ ত আক্ৰান্ত হৈছিল। কাৰাগাৰটোত বৰ্তমানলৈকে মুঠ ৫৫ জন কয়দী আক্ৰান্ত ক’ভিদ ১৯ ত। ইয়াৰ পিছতে এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে কাৰাগাৰটোৰ ভিতৰে বাহিৰে ৷

Leave A Reply