Breaking

গোলাঘাটত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক

0 2,052

গোলাঘাট নিৰ্বাচন জিলাৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় । বৈঠকত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ আগত মনোনয়ন পত্ৰ দাখিলৰ সময়ত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা আৰু ৰাজনৈতিক দলসমূহৰ নিৰ্ধাৰিত ব্যয় সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়োৱা হয় । সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীৰ সৈতে দুজন ব্যক্তি যাব পাৰিব । আনহাতে নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰাৰ্থীৰ ব্যয়ৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হ’ব । প্ৰাৰ্থীৰ সুকীয়া বেংক একাউণ্ট থাকিব লাগিব । ৮০বছৰ বয়সৰ উৰ্ধৰ আৰু বিশেষভাৱে সক্ষম ভোটদাতাসকলে ডাক বেলটযোগে ভোট দিয়াৰ প্ৰক্ৰিয়া সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় । অতিৰিক্ত উপায়ুক্ত তথা ব্যয় নিৰীক্ষণ কোষৰ দায়িত্বত থকা কুলদ্বীপ হাজৰিকাই নিৰ্বাচনী আৰ্হি আচৰণ বিধি সন্দৰ্ভত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক অৱগত কৰায় । প্ৰতিনিধিসকলক আৰ্হি মনোনয়ন পত্ৰ আৰু ইয়াৰ সৈতে দাখিল কৰিবলগীয়া তথ্য-পাতিসমূহৰ বিষয়েও অৱগত কৰোৱা হয় । আজিৰ বৈঠকত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, নিৰ্বাচন বিষয়া সুলক্ষনা বৰপাত্ৰগোঁহাই আৰু সহকাৰী আয়ুক্ত পাপু গগৈ উপস্থিত আছিল । বৈঠকত বি জে পি, অসম গণ পৰিষদ, চি পি আই (এম) কে ধৰি বিভিন্ন দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

Leave A Reply