Breaking

ওদালগুৰিত নেদান ফাউণ্ডেচনৰ উদ্যোগত জিলা পৰ্যায়ৰ শিশু অধিকাৰ সম্পৰ্কীয় কৰ্মশালা

0 1,057

নেদান ফাউণ্ডেচন উদ্যোগত আৰু ইউনিচেভৰ সহযোগত আজি জিলা পৰ্যায়ত শিশু অধিকাৰ সম্পৰ্কীয় কৰ্মশালা এখন হৈ যায়। জিলা খনৰ বিভিন্ন বিভাগৰ বিষয়া সকলক লৈ অনুষ্ঠিত হোৱা উক্ত কৰ্মশালা খন পৰিচালনা কৰে প্ৰগ্ৰেম মেনেজাৰ অমৰ বৰগয়াৰীয়ে।অনুষ্ঠান খনত মানৱ সৰবৰাহৰ ওপৰত বক্তব্য ৰাখে ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোকে দৈমাৰিয়ে,বাল্য বিবাহ সম্পৰ্কীয় বক্তব্য আগবঢ়াই জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই,শিশু যৌন নিৰ্যাতন আৰু পকছু আইনৰ সম্পৰ্কীয় ভাষণ ৰাখে জিলা আইন সেৱা প্ৰাধিকিৰ সম্পাদক অজয় কুমাৰ বসুমতাৰীয়ে।

আনহাতে অনুষ্ঠান খনত জিলা শিশু প্ৰকল্প বিষয়া নীলাক্ষী বৰদলৈ, অঞ্জনা ব্ৰহ্ম, নেদান ফাউণ্ডেচনৰ ওদালগুৰি জিলা সমন্বয়ক ৰস্মিতা বৰগয়াৰী,জিলা চাইল্ড লাইনৰ কৰ্মী অৰূপ বড়ো, হিমাক্ষী ৰাভা, ৰ’জ এন জি অৰ কর্মী ৰক্তিম বড়ো লগতে জিলা শিশু কল্যান, ওৱানষ্টপ, অংগনাবাদী কৰ্মী,পুলিচ প্ৰশাসন, এবছু, ছাত্র সংগঠন আদি উপস্থিত থাকে।

Leave A Reply