Breaking

নগাঁৱত জাপানীজ এনকেফ্লাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কত জিলা মেলেৰিয়া বিভাগৰ সংবাদমেল

0 1,450

নগাঁও : বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰ নগাঁও জিলাত জাপানীজ এনকে ফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট হ্ৰাস পাইছে। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবেই জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত আমি সফল হৈছো। আজি নগাঁও আবৰ্ত ভৱনত নগাঁও জিলা মেলেৰিয়া বিভাগে আয়োজন কৰা সংবাদ মেলত এই কথা সদৰি কৰি নগাঁও জিলা মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: অৰূপজ্যোতি মহন্তই কয় বিগত বছৰত অবিভক্ত নগাঁও জিলাত (নগাঁও আৰু হোজাই) বিগত বৰ্ষত নগাওঁ জিলাত ৪৫ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈছিল। ইয়াৰে ৯ জনৰ মৃত্যু হয়। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপৰ বাবে চলিত বৰ্ষত এই ৰোগ দ্ৰুত গতিত হ্ৰাস পাইছে। এইবাৰ জিলাখনত মাত্ৰ ২৩ জন লোক এই ৰোগত আক্রান্ত হোৱাৰ বিপৰীতে দুজনৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোক দুজন হল নগাঁও চহৰৰ লাওখোৱা পথৰ গোপাল চন্দ্ৰ আৰ্য (৭৫) আৰু চামগুৰি কনুৱামাৰীৰ সুকুমাৰ দাস (৫৩)। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বিভাগে জ্বৰ হোৱা আৰু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা এলেকাত তেজৰ নমুনা পৰীক্ষা কৰা, সজাগতা সভা অনুষ্ঠিত কৰা, ফ’গিং কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তদুপৰি এই ৰোগ নিয়ন্ত্ৰৰ বাবে মেলেৰিয়া বিভাগে স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সমাজ কল্যাণ বিভাগ আৰু মীন বিভাগৰ পৰা সাহৰি লাভ কৰে। সংবাদমেলত ডাঃ মহন্তই কয়, “এইবাৰ জিলাখনত আৰু ডেংগু ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা প্ৰায় নাই বুলি কব পাৰি। এইটো জিলাখনৰ বাবে সু-খবৰ।’ সংবাদ মেলত অংশ গ্ৰহণ কৰি নগাঁও জিলা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা: দিলীপ শৰ্মাই জাপানীজ এনকেফেলাইটিছ ৰোগ কিদৰে বিয়পিব পাৰে সেই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। জিলা মেলেৰিয়া বিষয়া শান্তনা শৰ্মাই জানিবলৈ দিয়ে যে, জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ৭৩০৪৪ জন লোকৰ জ্বৰৰ পৰীক্ষা কৰাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে। তদুপৰি আশা কৰ্মীক প্ৰশিক্ষণ দিয়া লগতে প্রতিতো খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে বেনাৰ আৰু প্ৰচাৰ পত্ৰ বিতৰন কৰা, ৩০৭ খন সজাগতা সভা অনুষ্ঠিত কৰা, ৭৩ স্থানত ফগিং কৰাৰ ব্যৱস্থা কৰা, ২৪৫৯০ খন বিচনাৰ আঠুৱা ঔষধিকৰন কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। সংবাদ মেলত আন এগৰাকী মেলেৰিয়া বিষয়া শ্বাহনাজ হুছেইন উপস্থিত থাকে।

Leave A Reply