Breaking

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বিশেষভাৱে সক্ষম আৰমান আলীৰ সাফল্যত জিলা ছাত্ৰ সন্থাৰ সম্বৰ্ধনা

0 1,563

বিশেষভাৱে সক্ষম আৰমান আলী, থাকিবলৈ নাই ভাল এটা ঘৰ।পিতৃয়ে দিন মজুৰি কৰি আৰু মাতৃয়ে দৰ্জীৰ কাম কৰি কোনোমতে চলাব লগা হৈছে ঘৰ সংসাৰ। দৰিদ্ৰ ঘৰৰ সন্তান আৰমান আলী বিশেষভাৱে সক্ষম । তথাপি মনত আছে বহু হেঁপাহ, আছে বুকু ভৰা সপোন।

সদ্য ঘোষিত হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ফকিৰগঞ্জলৈ কঢ়িয়াই আনে সুনাম।এইগৰাকী মেধাৱী ছাত্ৰ আৰমান আলী হৈ পৰিছে আন দহজনৰ বাবে অনুপ্ৰেৰণা।আৰমানৰ সফলাত দঃশালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি শৰিফুল ইছলাম প্ৰধানীয়ে সম্বৰ্ধনা জনায়। লগতে এগৰাকী মেধা শক্তিক আগবঢ়ায় নিবলৈ সকলোৰে সহায় কামনা কৰে।

Leave A Reply