Breaking

অতিপাত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম …

0 83

অতিপাত গৰমৰ সময়ত, সেয়া কোনো গৰম দিনটোত বা গ্ৰীষ্ম প্ৰবাহৰ সময়ত মনত ৰাখিবলগীয়া কথাকেইটা হ’ল :-

  • সৰহকৈ বিশুদ্ধ পানী সেৱন কৰক, আনকি বেছি পিয়াহ নালাগিলেও সেয়া কৰক।
  • ভিজা গামোচা ব্যৱহাৰ কৰি শৰীৰটো ঠাণ্ডা কৰি ৰাখক, ভৰি ঠাণ্ডা পানীত ডুবাই ৰাখক আৰু শীতল পানীৰে স্নান কৰক।
  • পৰ্দা টানি বা খিৰিকি বন্ধ ৰাখি ঘৰত সূৰ্যৰ তাপ প্ৰৱেশ বন্ধ কৰক।
  • শীতল বতাহ বলিলে খিৰিকি খুলি দিয়ক

  • দিনৰ অতিপাত গৰমৰ সময়ত সূৰ্যৰ তাপত বাহিৰত ওলোৱা বন্ধ কৰক। যদি বাহিৰ ওলাবলগীয়া হয়, টুপী পৰিধান কৰক আৰু ছানস্ক্ৰীণ লগাওক আৰু ছাঁ বিচাৰি জিৰাওক।
  • বাহিৰত ওলোৱাটো বাতিল কৰক বা স্থগিত ৰাখক। আপোনাৰ যদি যাবই লাগে তেতিয়াহ’লে ছাঁৰ আশ্ৰয় লওক আৰু লগত যথেষ্ট পৰিমানে খোৱা পানী ৰাখক।

  • পাতল ৰঙৰ, প্ৰাকৃতিক ফাইবাৰেৰে চিলাই কৰা ঢিলা কপাহী কাপোৰ বা তেনেধৰণৰ কাপোৰ পৰিধান কৰক।
  • কমকৈ সঘনাই খাদ্য খাওক আৰু খোৱাত চালাদৰ দৰে ঠাণ্ডা বস্তু খাওক।
  • খেলা-ধূলাকে ধৰি পৰিশ্ৰমী কাম বৰ্জন কৰক।
  • অত্যধিক গৰমৰ সময়ত অধিক তথ্য লাভ কৰিবলৈ বাতৰি চাওক বা শুনক।
Leave A Reply