Breaking

গাখীৰৰ লগত কফিও খায় নেকি? স্নায়ুবিজ্ঞানীৰ মতে গাখীৰ আৰু কফিয়ে কেনে প্ৰভাৱ পেলাই স্বাস্থ্যত…

0 80

কফি স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু, কফিত গাখীৰ বা ক্ৰীমৰ দৰে দুগ্ধজাত সামগ্ৰী যোগ কৰিলে ইয়াৰ উপকাৰিতা হ্ৰাস পাব পাৰে। পৃথিৱীৰ ভিতৰতে কফি হৈছে আটাইতকৈ বেছি খোৱা পানীয়। বহুতে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কফি খাই ভাল পায়। আচলতে কফি খোৱাৰ উপকাৰিতাৰ কথা বহু গৱেষণাত উল্লেখ কৰা হৈছে। কিন্তু তথাপিও অতি কম সংখ্যক লোকেহে জানে যে কফিত গাখীৰ মিহলোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ কমি যায়।ছ’চিয়েল মিডিয়াত এজন স্নায়ুবিজ্ঞানীয়ে কফিত গাখীৰৰ দৰে দুগ্ধজাত সামগ্ৰী মিহলোৱাৰ ধাৰণাটোক ন্যায্যতা প্ৰদান কৰি কয় যে এনে কৰিলে কফিৰ স্বাস্থ্যকৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস পায়। তেওঁ কয় যে গাখীৰ যোগ কৰিলে শৰীৰে কফিত থকা পলিফিনল শোষণ কৰাৰ ক্ষমতা কমি যায়, যাৰ বাবে ইয়াৰ সকলো উপকাৰ পোৱা নাযায়।


কিন্তু কফিত দুগ্ধজাত সামগ্ৰী যোগ কৰিলে ইয়াৰ স্বাস্থ্যকৰ উপকাৰিতা হ্ৰাস পায়। কিন্তু যদি আপুনি ক’লা কফি ভাল নাপায় তেন্তে আপুনি গাখীৰৰ বিকল্প যেনে আলমণ্ডৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰে।

স্নায়ুবিজ্ঞানীসকলে কয় যে গাখীৰৰ কফিতকৈ ক’লা কফি স্বাস্থ্যৰ বাবে অধিক উপকাৰী। বিশেষকৈ ক’লা কফিয়ে আন্ত্ৰিক বেক্টেৰিয়া আৰু মগজুৰ ওপৰত অতি ফলপ্ৰসূ আৰু ইতিবাচক প্ৰভাৱ দেখুৱায়। ইয়াৰ উপৰিও কফিত পোৱা পলিফিনলে কেন্সাৰ, হৃদৰোগ, ডায়েবেটিছ আৰু স্নায়ুৰ অৱক্ষয়ী ৰোগ প্ৰতিৰোধ কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয়।

Leave A Reply