Breaking

বজাৰৰ পৰা ফলমূল কিনি ফ্ৰীজত থৈ দিয়ে নেকি? গ্ৰীষ্মকালত ডায়েৰিয়াৰ সম্ভাৱনা কম কৰিবলৈ কেনেকৈ ধুব ফল-মূল…

0 32

গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ ফল-মূল ধুই নোখোৱাটো একেবাৰে অস্বাস্থ্যকৰ। অৱশ্যে ফল ধোৱাৰ কিছুমান নিয়ম আছে। বজাৰৰ পৰা মাছ-মাংস কিনাৰ পিছত সকলোৱে ধুৱে। কিন্তু ফলৰ ক্ষেত্ৰত এই নিয়ম সদায় পালন কৰা নহয়। কিনাৰ পিছত ফ্ৰীজত থৈ দিয়ে বহুতে। সুস্থ হৈ থাকিবলৈ প্ৰতিদিনে এটাকৈ ফল খোৱাটো জৰুৰী। কিন্তু কেৱল ফল খোৱাই নহয়। যদি ফল-মূল ক্ৰয় কৰাৰ পিছত ভালদৰে ধুব নোৱাৰে তেন্তে ডায়েৰিয়াৰ সম্ভাৱনা বাঢ়ি যায়। বিশেষকৈ এই গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ ফল-মূল ধুই ধোৱাৰ কিছুমান নিয়ম আছে। নিয়মবোৰ জানো আহক-

১) ফল কেতিয়াও চাবোন বা ডিটাৰজেন্ট পানীৰে ধুব নালাগে। ই বিপৰীতমুখী হ’ব পাৰে। চিকিৎসকে কয়, ফলবোৰ পৰিষ্কাৰ পানীত তিয়াই থ’ব। ফল পানীৰ সোঁতৰ তলত থাকিলে বেক্টেৰিয়া, বীজাণু নাইকিয়া হ’ব।


২) কোমল ব্ৰাছেৰে ফলবোৰ ব্ৰাছ কৰিব পাৰে। অৱশ্যে নেমু, অমিতা আপেল আদি বাকলি থকা ফলৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। কিন্তু জামুক, আঙুৰ, ষ্ট্ৰবেৰী পানীত ধুব লাগে।

৩) কেৱল ফল ধোৱাই নহয়, শুকুৱাবলৈও প্ৰয়োজন। যদি ফল তিতি থাকে তেন্তে তাত অধিক বেক্টেৰিয়া বাহ সাজি থাকে। গতিকে ফলবোৰ ধুই শুকুৱাই লোৱাৰ ক্ষেত্ৰত সচেতন হোৱাটো জৰুৰী।

৪) কিনাৰ পিছত যদি আপুনি খাবলৈ পৰিকল্পনা নকৰে তেন্তে ধুই নোলোৱাই ভাল। খোৱাৰ আগতে ধুব লাগে। ধুই বহু সময় ধৰি ৰাখিলে ফল পচি যোৱাৰ আশংকা থাকে।


Leave A Reply