Breaking

আপুনি অধিক নিমখ সেৱন কৰেনে? অধিক নিমখ সেৱনে স্বাস্থ্যৰ বহু ক্ষতি কৰাৰ সম্ভাৱনা

0 37

নিমখ অবিহনে আমাৰ জীৱন আধৰুৱা। কিন্তু সঠিক পৰিমাণত সেৱন কৰাটো আমাৰ বাবে উপকাৰী। আনহাতে যদি আপুনি ইয়াক অতিৰিক্তভাৱে সেৱন কৰে তেন্তে ই শৰীৰৰ বাবে ক্ষতিকাৰক।অধিক পৰিমাণৰ নিমখ সেৱন কৰাটো হৃদযন্ত্ৰৰ বাবে বিপদজনক। ইয়াক সেৱন কৰিলেও হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

বেছিকৈ নিমখ সেৱন কৰিলে পেট ফুলিব পাৰে। কাৰণ নিমখ অত্যধিক সেৱনৰ ফলত পেটত পানী জমা হয়। যাৰ বাবে পেট ফুলাৰ সমস্যা হয়।

অধিক নিমখ সেৱন কৰিলে বি পিৰ সমস্যা বৃদ্ধি পায়। কাৰণ ইয়াক সেৱন কৰিলে তেজত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়।

বেছিকৈ নিমখ খালে বৃক্কৰ সমস্যা বৃদ্ধি পাব পাৰে। কাৰণ নিমখ খালে শৰীৰত অধিক ঘাম ওলায়। যাৰ কাৰণে কিডনীৰ সমস্যা বাঢ়িব পাৰে।

অত্যধিক নিমখ সেৱনৰ বাবে ছালৰ লগত জড়িত সমস্যাও আৰম্ভ হয়। এনে পৰিস্থিতিত নিমখ কম পৰিমাণেহে সেৱন কৰিব লাগে।

Leave A Reply