Breaking

ৰঙচুৱা ফলবোৰ আপুনি যদি খাই তেন্তে স্বাস্থ্যৰ প্ৰতি সজাগ হ‌ওঁক…

0 98

আমি সকলোৱে জানো যে, দৈনিক এটাকৈ আপেল খালে ডাক্তৰ আপোনাৰ কাৰণে বহুত আঁতৰত থাকিব অৰ্থাৎ ডাক্তৰৰ প্ৰয়োজন নাথাকিব। ৰঙা আপেলৰ বাহিৰেও এনে ধৰণৰ আন কিছুমান ৰঙা ৰঙৰ ফল আছে, যিবোৰে বহুত ৰোগৰ প্ৰতিৰোধ কৰিব পাৰে। ৰঙা ৰঙৰ বিলাহীকে ধৰি আনবোৰ ফলত লাইকোপেন আৰু এনথোচানিন নামৰ এন্টি অক্সিডেন্ট থাকে। আচলতে এই দ্ৰব্য দুবিধেই পাচলি বা ফলবিধক ৰঙা ৰংটো প্ৰদান কৰে। নানা ৰোগ প্ৰতিৰোধ কৰিব পৰা কেইবিধমান ৰঙা ৰঙৰ ফলৰ নাম তলত উল্লেখ কৰা হ’ল:

আপেল-

ৰঙা ৰঙৰ ফলবোৰৰ ভিতৰত আপেল এবিধ অতুলনীয় ফল। আপেলত থকা এন্টি অক্সিডেন্ট, ফ্লাভোনয়েড আৰু আঁহজাতীয় দ্ৰব্যবোৰে ডায়েবেটিচ বা বহুমূত্ৰ ৰোগক নিয়ন্ত্ৰণ কৰি ৰাখে। আপেলে হাওঁফাঁও অন্ত্ৰ, স্তন আৰু যকৃতৰ কেন্সাৰৰ প্ৰতিৰোধ কৰিব পাৰে। তদুপৰি আপেলে শৰীৰত থকা ক’লেষ্টেৰলৰ পৰিমাণ কমাই ওজন কমোৱাৰ ক্ষেত্ৰত সহায় কৰে।

বিলাহী-

বিলাহী অন্যতম প্ৰয়োজনীয় দ্ৰব্য লাইকোপেন থাকে। টাফ্‌ট বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কৰা গৱেষণাৰ ফলত গম পাইছে যে, সপ্তাহত পাঁচবাৰ বা তাতোকৈ অধিকবাৰ খালে কৰোনাৰি ৰোগ হোৱাৰ আশংকা শতকৰা ২৬ ভাগ কমি থাকে। বাল্টিমোৰৰ জন্‌চ হাস্পতালৰ প্ৰসিদ্ধ চিকিৎসক জেৰাল্‌ড ই, মুলিন নামৰ ব্যক্তিজনৰ মতে বিলাহী ৰান্ধি খোৱাটোহে বেছি ভাল। কাৰণ তাপ পোৱাৰ ফলত লাইকোপেন শৰীৰৰ তেজৰ সৈতে সহজে মিলি যাব পাৰে।

ডালিমত বহুত পৰিমাণৰ ক্লাভোনযেড, পলিফেলন আৰু এন্টি অক্সিডেন্ট থাকে। এইবোৰ উপাদানে হৃদৰোগ, বাতবিষ, ইৰেক্ট্ৰিল নাইকিয়া কৰে। ডালিমে ৰক্তচাপ কমাবৰ কাৰণে শৰীৰটোক সহায় কৰে।

চেৰী ফল-

চেৰী ফলত থকা এনথোচানিন্‌ নামৰ এন্টি অক্সিডেন্টবিধে বাত বিষ, ডায়েবেটিছ বা বহুমূত্ৰ আৰু কেন্সাৰক প্ৰতিৰোধ কৰে। ইয়াৰ উপৰি চেৰী ফলত স্বাস্থ্যকৰ পটাচিয়াম আৰু ‘এ’ ভিটামিন আছে।


বিট-

শৰীৰৰ প্ৰয়োজনীয় ফোলেটৰ শতকৰা ১৯ ভাগ বিট নামৰ ৰঙা পাচলিবিধে যোগান ধৰিব পাৰে। ফোলেট দ্ৰব্যবিধৰ বাহিৰে ভিটামিন-বি থাকে। ভিটামিন বি য়ে শৰীৰৰ প্ৰয়োজনীয় নতুন কোষ উৎপাদন কৰে; তদুপৰি বিটত থকা ভিটামিনে শৰীৰটোৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ক্ষমতা বঢ়ায়।

ৰঙা কেপচিকাম-

২০০৫ চনত প্ৰকাশিত হোৱা ‘ইন্টাৰনেচনেল জাৰ্ণেল অব্‌ অবেচিটী’ আলোচনীখনৰ এটা প্ৰবন্ধত কোৱা হৈছিল যে, যিসকলে নিয়মিতভাৱে বিলাহী আৰু ৰঙা কেপ্‌চিকাম নামৰ জলকীয়াবিধৰ ৰস মিহলাই খাই থাকে, তেওঁলোকে খাদ্যৰ পৰা শতকৰা ১৬ ভাগ কেল’ৰি কমকৈ গ্ৰহণ কৰে। গতিকে আপোনাৰ আহাৰ গ্ৰহণৰ আধাঘন্টাৰ পূৰ্বে বিলাহী আৰু ৰঙা কেপ্‌চিকামৰ ৰস মিহলি কৰি খাওক। দেখিব আপোনাৰ শৰীৰৰ মেদ কমি গৈছে। দৈনিক খাদ্যৰ তালিকাত এটা ৰঙা ফলো ৰাখিব, কাৰণ ই আপোনাৰ স্বাস্থ্য ৰক্ষাৰ বাবে খুবেই উপকাৰী।

Leave A Reply