Breaking

মিঠা খাবলৈ মন গৈছে নেকি? ৰাতিৰ আহাৰ খোৱাৰ পিছত এই ৫ টা মিঠাই খাব পাৰে…

0 36

প্ৰায়ে মানুহে ভাবে যে ওজন কমাবলৈ তেওঁলোকে মিঠাই খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। কিন্তু আপুনি জানেনে যে কিছুমান স্বাস্থ্যকৰ ডেজাৰ্ট আছে যিবোৰ আপুনি খাব পাৰে আৰু তথাপিও আপোনাৰ ওজন হ্ৰাসৰ লক্ষ্যত উপনীত হ’ব পাৰে। ৰাতিৰ আহাৰ খোৱাৰ পিছত খাবলৈ এনে ৫টা সোৱাদযুক্ত আৰু পুষ্টিকৰ বিকল্পৰ বিষয়ে জানি লওক-

খেজুৰ প্ৰাকৃতিকভাৱে মিঠা আৰু আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। এইবোৰে মিঠা খোৱাৰ হেঁপাহ পূৰণ কৰাই নহয়, দীৰ্ঘদিনলৈকে আপোনাক তৃপ্ত কৰি ৰাখে। অকলে খেজুৰ খাব পাৰে।

চিয়া বীজত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু আঁহ থাকে, যিয়ে আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে। চিয়া পুডিং বনাবলৈ চিয়া গুটি নাৰিকল বা আলমণ্ডৰ গাখীৰত ৰাতিটো তিয়াই থব লাগে। ৰাতিপুৱা তাত ফলমূল, বাদাম আৰু অলপ মৌ দি সুস্বাদু আৰু পুষ্টিকৰ মিঠাই প্ৰস্তুত কৰিব পাৰে।

দৈ প্ৰটিন আৰু কেলচিয়ামৰ উত্তম উৎস, যিয়ে ওজন কমাবলৈ সহায়ক হ’ব পাৰে। গুড় প্ৰাকৃতিক মিঠা আৰু ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে। ৰাতিৰ আহাৰ খোৱাৰ পিছত দৈৰ বাটি এটা অলপ গুৰ মিহলাই খাব পাৰে।

ষ্ট্ৰবেৰী, ব্লুবেৰী আৰু ৰাস্পবেৰীত প্ৰচুৰ পৰিমাণে আঁহ আৰু ভিটামিন চি থাকে, যিয়ে ওজন কমাবলৈ সহায় কৰিব পাৰে। ইয়াৰ উপৰিও সেইবোৰত চেনিৰ পৰিমাণো কম। পোনপটীয়াকৈ খাব পাৰে বা দৈৰ লগত মিহলাই খাব পাৰে।়


Leave A Reply