Breaking

কঠাল খাই বেয়া পাই নেকি?কঠালৰো আছে বহুতো গুণাগুণ

0 2,405

এবিধ ডাঙৰ আকৃতিৰ ফল কঠাল। ইংৰাজীত ইয়াক Jackfruit নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Heterophyllus আৰু ই Moraceae গোত্ৰৰ অন্তৰ্গত।কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল।আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ ই ৰাজ্যিক ফল।ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতে সৰ্বাধিক কঠাল উৎপন্ন হয়। আমাৰ অসমৰো ই ঘৰুৱা ফল স্বৰূপ। প্ৰতি ঘৰ মানুহৰে বাৰী-বস্তিত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়।

কঠালৰ উপকাৰিতা তথা ঔষধি গুণসমূহ –

১)ৰোগ প্ৰতিৰোধী গুণ-কঠালত যথেষ্ট পৰিমাণে ভিটামিন-চি আৰু এন্টি অক্সিডেন্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ-সবল কৰি ৰাখে।

২)প্ৰোটিনৰ ভঁৰাল-কঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰোটিন পোৱা যায়। মচুৰ দাইলত দি সিদ্ধ কৰা কঠালৰ গুটি খাবলৈ বৰ তৃপ্তিদায়ক আৰু ই যথেষ্ট পুষ্টিকাৰক প্ৰকৃতিৰ।

৩)শক্তিৰ ভঁৰাল-কঠালত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু কেলৰি থাকে। ই ফ্ৰুকটজ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিক ভাৱে শক্তি লাভ কৰে।

৪)কৰ্কট প্ৰতিৰোধী গুণ: কঠালত-এণ্টি অক্সিডেন্ট,ফাইটোনিউট্ৰিয়েন্টচ(Phytonutrients) আৰু ফ্লেভ’নয়ড(Flavonoid) থাকে,যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।
৫)ৰক্তচাপ নিয়ন্ত্ৰণ:কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।

৬)হজম শক্তিৰ উন্নতি:পকা কঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।

৭)থাইৰয়ডৰ সমস্যা দূৰ কৰে:কঠালত যথেষ্ট পৰিমাণে “কপাৰ” থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে।

৮)দৃষ্টি শক্তিৰ উন্নয়ন:কঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।

৯)হাড় শক্তিশালী কৰে:পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।

১০)বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে:কঠালত থকা এন্টি অক্সিডেন্টে দেহৰ ক্ষতিকাৰক ‘ফ্ৰী-ৰেডিকেলচ’ বোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে।

Leave A Reply