Breaking

আপুনি জানেনে বেঙেনাই কৰে কেন্সাৰ প্রতিৰোধ

0 150

পাচলি জগতৰ ৰজা হিচাবে পৰিচিত বেঙেনাই পাবলগীয়া আদৰ নাপালেও গুণত কিন্তু ইয়াক অৱহেলা কৰা সম্ভৱ নহয়। আচলতে এই পাচলিৰে বনোৱা যিকোনো উপকৰণ খাবলৈ যিমান সুস্বাদু, সিমানেই শৰীৰতো যথেষ্ট উপকাৰ সাধন কৰে। বিজ্ঞানীসকলৰ মতে, সপ্তাহত যদি মাত্র এদিন বেঙেনা খোৱা যায়, তেতিয়াহ’লে শৰীৰৰ বাবে আন কোনো চিন্তাই নাথাকে।

ফাইবাৰ আৰু এন্টিঅক্সিডেন্টেৰে পৰিপূর্ণ এই পাচলিবিধ মাজে মাজে খালে শৰীৰত টক্সিক উপাদানৰ মাত্রা কমাবলৈ আৰম্ভ কৰে। তাৰ লগতে কেন্সাৰ চেলৰ জন্ম হোৱাৰ সম্ভাৱনাও কমে। ফলত স্বাভাৱিকভাবেই এই মাৰণ ৰোগে গা ঘঁহাবও নোৱাৰে। প্রসঙ্গত উল্লেখ্য, ফাইবাৰে মূলত কোলন কেন্সাৰ প্রতিৰোধত বিশেষ ভূমিকা পালন কৰি থাকে। যিয়ে এন্টিঅক্সিডেন্ট কোষবোৰৰ ক্ষত ভাল কৰি সামগ্রিকভাবে শৰীৰক তজবজীয়া কৰি তোলে।

Leave A Reply