Breaking

আপুনি জানেনে ৰঙা মাটিৰে কৰা হয় ৰোগৰ চিকিৎসা…

0 68

প্ৰাচীন কালৰে পৰা মানুহে মাটিক বিভিন্ন ধৰণৰ ছালৰ যতনত ব্যৱহাৰ কৰি আহিছে৷ কিয়নো মাটিত প্ৰাকৃতিকভাৱে বহুত মিনাৰেল আৰু অন্যান্য উপাদান পোৱা যায়, যিয়ে আমাৰ দেহৰ টক্সিন নিষ্কাশন কৰাত সহায় কৰে৷ ভূগৰ্ভত নানা প্ৰকাৰৰ মাটি পোৱা যায়, যি নানা গুণেৰে ভৰপূৰ৷ তেনে এবিধ মাটি হৈছে ৰঙা মাটি৷


ৰঙা মাটিৰ বিভিন্ন গুণাগুণ আছে৷ ৰঙা মাটিয়ে ছালৰ এনে এক সমস্যা নিৰাময় কৰে, যাৰ বিষয়ে জানিলে হয়তো আপুনি আচৰিত হ’ব৷ এই সমস্যাবিধ হৈছে Vitiligo৷ যাক অসমীয়াত বগা দাগৰ বেমাৰ বুলিও জনা যায়৷ এই সমস্যাই দেখা দিলে ছালত বগা দাগ পৰিবলৈ ধৰে৷ এই ৰোগত মেলানিন পিগমেণ্ট কোষবোৰ নষ্ট হৈ যায় আৰু ছালৰ স্বাভাৱিক ৰং হেৰাব ধৰে৷ এই সমস্যাত ৰঙা মাটি উত্তম৷


ৰঙা মাটিত প্ৰচুৰ পৰিমাণে কপাৰ থাকে, যিয়ে বগা দাগ নিৰাময় কৰিব পাৰে৷ ইয়াৰ বাবে দুচামুচ ৰঙা মাটিৰ লগত দুচামুচ আদাৰ ৰস মিশ্ৰণ কৰি বগা দাগত সদায় লগালে সুফল লাভ কৰিব পাৰিব৷ আদাৰ ৰসে এই বগা দাগবোৰৰ তেজৰ চলাচল সুচল কৰি দাগ নিৰাময় কৰাত সহায় কৰে৷

Leave A Reply