Breaking

১৫ মে’ৰ পৰা এতিয়ালৈকে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ ক’ত, কিমান গ্ৰেপ্তাৰ হ’ল জানেনে?

0 89

অসম আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান অব্যাহত ৰাখিছে আৰু যোৱা ১৫ মে’ৰ পৰা এই পৰ্য্যন্ত মুঠ ১৬০ জনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰত ৩, কামৰূপত ৬, বৰপেটাত ৪, নগাঁৱত ৮, শোণিতপুৰত ৪৫, দৰঙত ১, লক্ষীমপুৰত ৬৩, গোলাঘাটত ২, মৰিগাঁৱত ১১, বঙাইগাঁৱত ২, চিৰাঙত ১, বিশ্বনাথ চাৰিআলিত ১০, হোজাইত ৩ আৰু তামুলপুৰত ১ জন নকল সোণৰ ব্যৱসায়ী তথা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

নকল সোণৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰা হৈছে আৰু অভিযানকালত আৰক্ষীয়ে জালনোট, নকল সোণ, লেপটপ, কম্পিউটাৰ আদিকে ধৰি বিভিন্ন সামগ্রীও জব্দ কৰিছে।

নকল সোণৰ এই ব্যৱসায়ী চক্ৰটো ৰাজ্যখনৰ পৰা সম্পূৰ্ণভাৱে উৎখাত নোহোৱা পৰ্যন্ত আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব।

Leave A Reply