Breaking

আপুনি চাহ খাই ভাল পায় নে ? তেন্তে আজি খাওক নীলা চাহ …

0 126

অসমত চাহ খোৱাৰ কথা সকলোৱে জানে । সকলোৱে ৰঙা চাহ, গাখীৰ চাহ, সেউজীয়া চাহৰ বিষয়ে জানে। কিন্তু, আপুনি জানেনে, এই পৃথীৱীত নীলা চাহো আছে? এই চাহ বৰ্তমানৰ সময়ত বহুত জনপ্ৰিয় হৈ পৰিছে। যিসকলৰ সেউজীয়া চাহ খোৱাৰ অভ্যাস আছে, তেওঁলোকে এতিয়া অভ্যাসটো অলপ সলনি কৰিব পাৰে আৰু নীলা চাহ খোৱা আৰম্ভ কৰিব পাৰে।

নীলা চাহ খালে বহুতো লাভালাভ হয়। উদাহৰণ স্বৰূপে, এই চাহে হৃদযন্ত্ৰ সুৰক্ষিত কৰে, চৰ্বি হ্ৰাস কৰে, ওজন নিয়ন্ত্ৰণত ৰখে, শৰীৰত কোলাজেনৰ স্তৰ বৃদ্ধি কৰে ইত্যাদি। ভাৰত আৰু বাংলাদেশত, এই চাহ অতি কম পৰিমাণে উৎপাদন কৰা হয়। এই বিশেষ চাহ সাধাৰণতে এক বিশেষ প্ৰকাৰৰ চাহ পাতৰ কলি আৰু অপৰাজিতা ফুলৰ কিছু অংশ একেলগে অত্যাধুনিক ধৰণে মিহলি কৰি তৈয়াৰ কৰা হয়।

শেহতীয়া ভাৱে, বহুতো বিজ্ঞানীয়ে অধ্যয়ন কৰি গম পাইছে যে, ওজন বৃদ্ধিৰ ফলত হোৱা যকৃতৰ সমস্যা প্ৰতিহত কৰিবলৈ নীলা চাহ অতি উপযোগী। নীলা চাহত থিয়ানিনৰ উপস্থিতিৰ বাবে, এই চাহ নিয়মীয়াকৈ খোৱাৰ ফলত শৰীৰৰ বিপাক বৃদ্ধি হয়। দিনত কমেও দুবাৰ এই চাহ খালে শৰীৰত হেপাটিক বিপাক বৃদ্ধি হয় আৰু কলেষ্টেৰল হ্ৰাস হয়।

এই চাহত আপুনি নেমুটেঙা মিহলি কৰিও খাব পাৰে। যদি এই চাহত নেমুটেঙা মিহলি কৰা হয়, তেন্তে এই চাহৰ ৰং নীলাৰ সলনি বেঙুনীয়া হ’ব।

Leave A Reply