Breaking

কঁঠালৰ মুচি ভাল পাইনে?কঁঠালৰ মুচিৰ ৮টা পুষ্টিকৰ গুণ…

0 1,713

বতৰৰ ফল কঁঠালৰ মুচিৰ আছে বহু ঔষধি গুণ। কঠালৰ মুচিত থাকে প্ৰচুৰ পৰিমানে ভিটামিন এ।ই দৃষ্টিশক্তি ভাল ৰাখে। ই ৰেটিনাৰ ক্ষতি প্ৰতিহত কৰাৰ লগতে চকুৰ সামগ্ৰিক স্বাস্থ্যৰ যত্ন লয়। কলি কঠালত থকা ভিটামিন চি-য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কঠালৰ মুচি এণ্টিঅক্সিডেণ্টৰ অন্যতম উৎ‍স। ই কৰ্কট ৰোগ আৰু টিউমাৰ হোৱাত প্ৰতিৰোধ কৰে।

এণ্টিঅক্সিডেণ্টে ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে। কেঁচা কঠাল উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো সহায়ক হয় আৰু হৃদযন্ত্ৰও স্বাস্থ্যৱান কৰে। ই হজম বৃদ্ধি কৰি পাকস্থলীৰ স্বাস্থ্য উন্নত কৰে। আইৰণৰৰ উপস্থিতিৰ বাবে, এনিমিক ৰোগীয়েও কঠাল খোৱাটো প্ৰয়োজন। কঠালত থকা কেলচিয়ামে হাড়ৰ গঠন শক্তিশালী কৰে।

Leave A Reply