Breaking

আপুনি পিঠিৰ বিষত ভুগিছে নেকি ? জানক পিঠিৰ বিষৰ কাৰণ আৰু প্ৰতিকাৰ…

0 1,135

পিঠিৰ বিষত নোভোগা মানুহ খুব কমেইহে ওলাব নিশ্চয়। ভিন ভিন কাৰণত বেছিভাগ মানুহেই জীৱনত এবাৰ হ’লেও পিঠিৰ বিষত আক্ৰান্ত হয়। পিঠিৰ বিষৰ সমস্যা লৈ চিকিৎসকৰ ওচৰ চপা লোকৰ সংখ্যা যথেষ্ট বেছি। তৎসত্ত্বেও অৱশ্যে বহুসংখ্যক লোকে পিঠিৰ বিষ নিৰাময়ৰ বাবে চিকিৎসকৰ ওচৰলৈ যাবলৈ নিবিচাৰে। কিছুসংখ্যকে আকৌ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সহায়ত এই সমস্যা সমাধানৰ চেষ্টা কৰে। তাৎপৰ্যপূৰ্ণ কথা এটা হ’ল- পিঠিৰ বিভিন্ন শাৰীৰিক কাৰণ থকাৰ লগতে কেতবোৰ মনোবৈজ্ঞানিক কাৰণতো পিঠিৰ বিষ হ’ব পাৰে, তেনে কেতবোৰ কাৰণ হ’ল- মানসিক চাপ, উদ্বিগ্নতা, বিষণ্ণতা, একঘেয়ামি আদি। অলপ সচেতন হৈ চলিলেই পিঠিৰ বিষত আক্ৰান্ত হোৱাৰ আশংকা বহুলাংশে কমাই ৰাখিব পাৰি।

আনহাতে, পিঠিৰ বিষত আক্ৰান্ত হোৱাসকলে যথোচিত চিকিৎসা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি কেতবোৰ ব্যায়াম কৰাৰ জৰিয়তে কেইসপ্তাহমানৰ ভিতৰত পিঠিৰ বিষৰপৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পাৰে আৰু এনেদৰে এবাৰ আৰোগ্য লাভ কৰাৰ পিছত সাধাৰণতে বহুদিনলৈ দুনাই পিঠিৰ বিষ হোৱাৰ আশংকা নাথাকে। পিঠিৰ বিষ নিৰাময়ৰ বাবে কাচিৎহে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। অন্য চিকিৎসাই কাম নিদিলে তথা যি আঘাত বা ৰোগৰ বাবে পিঠিৰ বিষ হয়, সেই আঘাত বা ৰোগ নিৰাময়ৰ প্ৰয়াস ব্যৰ্থ হ’লে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়।

পিঠিৰ বিষৰ বিভিন্ন কাৰণ –

শ্লিপড ডিস্ক:

কোনো এখন ফলক(lumbar disc) বিচ্যুত হোৱাৰ ফলত তাৰ কাষৰ স্নায়ুমূল (nerve root)ত যন্ত্ৰনাৰ উদ্ৰেক হয়। বিচ্যুত শ্ৰোণী ফলকৰ বাহিৰলৈ ওলাই অহা অংশটো প্ৰ’টিনেৰে পূৰ্ণ হৈ থাকে আৰু সেই অংশটোৱে যেতিয়া স্নায়ুমূলত হেঁচা দিয়ে, তেতিয়া প্ৰদাহ হ’বলৈ ধৰে, সেই হেঁচা আৰু প্ৰদাহৰ বাবে স্নায়ুমূলত বিষ আৰম্ভ হয়।

ছায়েটিকা(Sciatica):

শ্ৰোণী ফলকৰ বিচ্যুত অংশটোৱে স্নায়ুত দিয়া হেঁচাৰ প্ৰভাৱ ভৰিলৈকে সম্প্ৰসাৰিত হয় আৰু ইয়াৰ ফলত ভৰি আৰু পিঠিত তীব্ৰ বিষ হয়।

আৰ্থ্ৰাইটিছ(Arthritis):

আৰ্থ্ৰাইটিছত আক্ৰান্ত হোৱাৰ ফলত মেৰুৰজ্জু (spinal cord)ৰ অভ্যন্তৰ সংকীৰ্ণ হৈ পৰে- যাক মেৰুৰজ্জু নলীৰ সংকীৰ্ণতা(spinal canal stenosis) বোলা হয়, এই সমস্যাটোৰ বাবেও পিঠি আৰু ভৰিৰ বিষ হ’ব পাৰে।

গাঁথনিগত অসামঞ্জস্যতা(Structural irregularity)-

ৰাজহাড়ৰ অস্বাভাৱিক বক্ৰতা (abnormal curvature)ৰ বাবেও পিঠিৰ বিষ হ’ব পাৰে, এই বক্ৰতা কাষলৈ বা সন্মুখলৈ বা পাছফাললৈ হ’ব পাৰে।

অ’ষ্টিঅ’প’ৰ’ছিছ(Osteoporosis):

এই সমস্যাত আক্ৰান্ত হোৱাসকলৰ ৰাজহাড়ৰ ভাৰ্টেব্ৰা (vertebra)ত মোচোকা খাব পাৰে, যাৰ ফলত পিঠিৰ বিষ হয়, বৃদ্ধ বয়সত এনে হোৱাৰ প্ৰবল আশংকা থাকে।

ফেচেট জইন্ট ডিছফাংচন(Facet joint dysfunction):

হাড়ৰ ফলকৰ গাঁঠি (facet joint)ত কাৰ্টিলেজ(cartilage) থাকে আৰু সেইবোৰক লিগামেন্ট(ligament)-এ ঘেৰি থাকে, সেইবোৰ ঠাইত বিষৰ উদ্ৰেক হ’ব পাৰে।

ছেক্ৰ’ইলিয়াক জইন্ট ডিছফাংচন(Sacroiliac joint dysfunction):

ৰাজহাড়ৰ তলৰ অংশত ছেক্ৰ’ইলিয়াক জইন্টে ছেক্ৰাম(sacrum) হাড়ক শ্ৰোণী (pelvis)ৰ দুয়োফালে সংযুক্ত কৰি ৰাখে। ছেক্ৰ’ইলিয়াক জইন্টত প্ৰদাহ হ’লে বা তাৰ সঞ্চালন অতি বেছি বা তেনেই কম হ’লে, তাত বিষৰ উদ্ৰেক হ’ব পাৰে।

স্পণ্ডিল’লিছথেছিছ(Spondylolisthesis):

এটা ভাৰ্টেব্ৰা বিচ্যুতি হৈ আন এটা ভাৰ্টেব্ৰাৰ ওপৰত পৰিলে এই সমস্যা উদ্ভৱ হয় আৰু তাৰ ফলত বিষ হয়।

অভিঘাত(Trauma):

আঘাতজনিত কাৰণত ৰাজহাড় ক্ষতিগ্ৰস্ত বা বিচ্যুত হ’লে স্বাভাৱিকতে পিঠিৰ বিষ হয়।

সাধাৰণতে উল্লিখিত কাৰণবোৰতেই পিঠিৰ বিষ হয় যদিও কাচিৎ আন কেতবোৰ কাৰণতো পিঠিৰ বিষ হ’ব পাৰে, কেন্সাৰ, সংক্ৰমণ, ক’ডা ইকুইনা ছীণ্ড্ৰ’ম(Cauda Equina Syndrome) আদি কম হ’ল তেনে কেতবোৰ কাৰণ।

পিঠিৰ বিষৰ সততে পৰিলক্ষিত হোৱা লক্ষণবোৰ –

  • ৰাজহাড়ৰ কোনো এটা অংশৰ সৈতে পিঠিৰ একাংশত নেৰানেপেৰা বিষ বা জঠৰতা।
  • ডিঙি, পিঠিৰ ওপৰ অংশ বা নিম্নাংশত এটা নিৰ্দিষ্ট পৰিসৰত তীব্ৰ বিষ হোৱা, বিশেষকৈ কোনো গধুৰ বস্তু দঙাৰ পিছত বা আন কিবা টান কাম কৰাৰ পিছত এই ধৰণৰ বিষ হয়।
  • দীৰ্ঘদিন ধৰি পিঠিৰ মাজ বা নিম্নাংশত বিষ হৈ থকা, বিশেষকৈ বেছি সময় একেৰাহে বহি বা থিয় হৈ থাকিলে এই বিষে উক দিয়ে।
  • পিঠিৰ নিম্নাংশত বিষ বা মাংসপেশী টানি ধৰা যেন অনুভৱ নকৰাকৈ পোন থিয় দিব নোৱৰা হোৱা।

পিঠিৰ বিষৰ চিকিৎসা প্ৰণালী –

দীৰ্ঘদিনীয়া পিঠিৰ বিষ নিৰাময়ৰ বাবে অস্ত্ৰোপচাৰৰ বিকল্প হিচাপে কেতবোৰ চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব পাৰি। সেইবোৰৰ ভিতৰত ঔষধেৰে কৰা চিকিৎসা আৰু হস্তক্ষেপমূলক(interventional) পদ্ধতি অন্যতম, সম্পূৰ্ণ অৰোগ্য লাভৰ বাবে উল্লিখিত চিকিৎসা পদ্ধতিসমূহৰ পৰিপূৰক হিচাপে ব্যায়াম(physical therapy) কৰোৱা হয়।

ফাৰ্মাকোথেৰাপী(Pharmacotherapy) বা মুখেৰে সেৱন কৰা ঔষধ:

নিউৰ’পেথিক ঔষধসমূহৰ লগতে মাংসপেশী শিথিলকাৰী আৰু বিষ উপশমকাৰী ঔষধবোৰ ফাৰ্মাকোথেৰাপীৰ অন্তৰ্গত।

হস্তক্ষেপমূলক পদ্ধতি:

হস্তক্ষেপমূলক পদ্ধতি হ’ল অস্ত্ৰোপচাৰ ব্যতিৰেকে কৰা কেতবোৰ বিশেষ ধৰণৰ পদ্ধতি। স্পাইনেল ইঞ্জেকচন(spinal injection), অ’জ’ন ডিস্কেক্টোমী(ozyone discectomy) আদি হ’ল এই ধৰণৰ চিকিৎসাৰ উদাহৰণ। আন চিকিৎসা পদ্ধতিবোৰ প্ৰয়োগ কৰি সফল নহ’লে তথা ৰোগীয়ে সোনকালে আৰোগ্য লাভ কৰটো জৰুৰী হৈ পৰিলে, এই ধৰণৰ পদ্ধতিৰে চিকিৎসা কৰা হয়।

স্পাইনেল ইঞ্জেকচন:

চাৰ্ভিকেল(cervical), থোৰাচিক এণ্ড লাম্বাৰ ইন্টাৰলামিনাৰ এপিডিউৰেল ইঞ্জেকচন(Thoracic and lumbar interlaminar epidural injection) আৰু ট্ৰানছফোৰামিনেল ইঞ্জেজকচন(Transforaminal injection) এই পদ্ধতিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এই ইঞ্জেকচনবোৰ মেৰুৰজ্জুৰ স্নায়ুমূল(Spinal nerve roots) আৰু ইয়াক আগুৰি থকা কলাবোৰৰ প্ৰদাহ তথা উখহি উঠা সমস্যা হ্ৰাস কৰি পিঠিৰ বিষ, জিনজিননি আৰু জঠৰতাৰ উপশম ঘটায়।

ফেচেট ব্লকছ এণ্ড মেডিয়ান ব্ৰাঞ্চ ব্লক(Facet blocks and median branch block):

এই পদ্ধতিত ৰাজহাড়ৰ ক্ষুদ্ৰ জোৰা আৰু ইয়াৰপৰা প্ৰসাৰিত স্নায়ুত অত্যন্ত ফলপ্ৰসূ প্ৰদাহ নিৰাময়কাৰী ঔষধ প্ৰয়োগ কৰা হয়।

ৰেডিঅ’ফ্ৰিকুৱেন্সী এব্লাচন(Radiofrequency ablation):

এই পদ্ধতিত এটা সৰু বেজীৰ সহায়ত বিষাই থকা অংশত তাপ প্ৰয়োগ কৰি, সেই ঠাইৰ স্নায়ুবোৰ নিস্তেজ কৰি পেলোৱা হয়। এই পদ্ধতিৰে চিকিৎসা গ্ৰহণ কৰি ৬০ শতাংশমান ৰোগীয়ে সুফল লাভ কৰে আৰু ইয়াৰ সুপ্ৰভাৱ কেইবামাহৰপৰা কেইবাবছৰপৰ্যন্ত অটুট থাকে।

অ’জ’ন ডিস্কেক্টোমী:

বিচ্যুত ফলকৰ বাবে হোৱা পিঠিৰ বিষ লাঘৱ কৰিবলৈ এই পদ্ধতিৰে চিকিৎসা কৰিব পৰা যায়। এই পদ্ধতিত ভাৰ্টেব্ৰাৰ সন্ধিস্থলত অ’জ’ন প্ৰয়োগ কৰা হয়। বিচ্যুত ফলকৰ বাবে হোৱা পিঠি আৰু ভৰিৰ বিষৰপৰা সকাহ পোৱাৰ বাবে অস্ত্ৰোপচাৰৰ বিকল্প হিচাপে এই চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব পৰা যায়।

লেখক: অমল ভাগৱতী

Leave A Reply