Breaking

লামডিঙ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক নাৰ্চৰ গাফিলতি

0 2,031

 লামডিঙ অসামৰিক চিকিৎসালয়খনত বিতৰ্কই যেন এতিয়া পিছ নেৰা হৈছে ৷ চিকিৎসক নাৰ্চৰ কাণ্ডজ্ঞানহীনতাত এটা  পিছত এটা  ঘটনা সংঘটিত হ’ব  ধৰিছে লামডিং এফ আৰ ইউত।   আজি চিকিৎসালয়খনত এগৰাকী মহিলা ৰোগীক সেৱন কৰিব দিয়া ঔষধক লৈ সৃষ্টি হল উত্তেজন ৷উপায়ুক্তলৈ লিখিত পত্ৰ প্ৰেৰন কৰাত তদন্ত কৰিবলৈ আহিল হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষ ৷অভিযোগ অনুসৰি আজি প্ৰসেনজিৎ পাল নামৰ যুৱক জনে তেওঁৰ পত্নীৰ পেটৰ বিষ হোৱাত অসামৰিক চিকিৎসালয়খনলৈ লৈ আহে ৷কৰ্তব্যৰত থকা তৃষ্ণা জ্যোতি বৰুৱা নামৰ নাৰ্চ গৰাকীয়ে ৰোগীক নোচোৱাকৈয়ে কৰ্তব্যৰত চিকিৎসক ৰবিশ্বৰ ঘোষে ফোনৰ যোগেৰে ৰোগীক প্ৰদান কৰিলে ঔষধ আৰু বেজী ৷এইখিনিতে লাগিল অথন্তৰ ৷ চিকিৎসকৰ ভাষ্য অনুসৰি সেই একেসময়তে লাংটিং পৰা লামডিঙৰ চিকিৎসালয়খনলৈ গৰ্ভপাত কৰিবলৈ আহিব লগীয়া আছিল চিকিৎক ঘোষৰ ৰোগী ৷কিন্তু সেইসময়ত লাংটিং সলনি লামডিঙৰ এইহাল স্বামী স্ত্ৰী যোৱাত নাৰ্চে ৰোগীৰ কোনো নাম ঠিকনা নোলোৱাকৈৱে চিকিৎসকক জনালে ৰোগীৰ ভুল পৰিচয় ৷ নাৰ্চ তথা চিকিৎসকৰ গাফিলতি ভূক্তভোগী মহিলা গৰাকীক নাৰ্চে প্ৰদান কৰিলে Cytolog নামৰ গৰ্ভপাত টেবলেট টো ৷  ফলত অসুস্থ হৈ পৰিল মহিলা গৰাকী ৷উপায়ন্তৰ হৈ যুৱকজনে হোজাই জিলাৰ উপায়ুক্তলৈ লিখিত পত্ৰ প্ৰেৰন কৰাত তৎক্ষানিক ভাৱে উপায়ুক্ত গৰাকীৰ নিৰ্দেশ মৰ্মে হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষ চিকিৎসালয়খনত তদন্ত কৰিবলৈ উপস্থিতি হয় ৷ অৱশেষত চিকিৎসালয়খনৰ  চিকিৎসক মহলে সমগ্ৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি ভূক্তভোগী সকলৰ পৰা ক্ষমা বিচৰাৰ লগতে ভুক্তভোগী মহিলা গৰাকীৰ সম্পূৰ্ণ  বুজ লয়।

Leave A Reply