Breaking

দক্ষিণ বৰপেটাৰ চৰাঞ্চলত চিকিৎসা সেৱাৰ নামত স্বাস্থ্য বিভাগৰ ভেঙুচালি কভি’ডৰ ভয়াবহতাৰ সময়ত বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসক

0 2,050

বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ   চৰাঞ্চলৰ ৰাইজ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি থকা পৰিলক্ষিত হৈছে। স্বাধীনতাৰ পিছৰ পৰাই জিলা খনৰ বৃহত্তৰ চৰাঞ্চলত কেৱল মাত্ৰ সাত খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিয়েই চৰকাৰে নিজৰ দায়িত্ব সামৰিছে।জানিব পৰা মতে, চেঙা সমষ্টিৰ কাছুমাৰা ৰাজ্যিক চিকিৎসালয়, মহচৰা নৈ পৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, খোলাাবান্ধা প্ৰাথমিক স্বাাস্থ্য কেন্দ্ৰৰ লগতে বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিচৰ ক্ষুুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কদমতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ  আছে ।সংশ্লিষ্ট স্বাস্থ্য কেন্দ্ৰ সমূহত ৰোগী অনুপাতে ঔষধ,ডাক্তৰ, নাৰ্চ নথকাত ৰাইজ উপযুক্ত চিকিৎসা সেৱাৰ পৰা চূড়ান্ত ভাৱে বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰোনা মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰি কেবা লক্ষ্যাধিক লোকৰ প্ৰাণ হানি হৈছে যদিও চৰাঞ্চলৰ অধিকাংশ চিকিৎসালয়ত প্ৰয়োজনীয়  চিকিৎসক, নাৰ্ছ নথকাত কভিড ৰোগী সকল চিকিৎসা সেৱাৰ পৰা চূড়ান্ত ভাৱে বঞ্চিত হব লগা হৈছে। চৰাঞ্চলৰ নিচিনা অনুন্নত ঠাইত নাই কোনো বিছনাযুক্ত চিকিৎসালয়, অসুস্থ ৰোগীক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ নাই উন্নত যাতায়ত ব্যৱস্থা কেৱল মাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে যদিও নাই প্ৰয়োজনীয় চিকিৎসক। বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে চৰাঞ্চলৰ বিভিন্ন ঠাইত প্ৰতিদিনে প্ৰায় ৭/৮জনকৈ লোকৰ দেহত কৰোনা পজিটিব ধৰা পৰিছে যদিও সেই কৰোনা ৰোগী সকলকলৈ জিলা স্বাস্থ্য বিভাগে কোনো তৎপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই। কৰোণা ৰোগী সকলক নামমাত্ৰ ঔষধ প্ৰদান কৰি হোম আইছোলেশ্বনত থাকিবলৈ পৰামৰ্শ দিয়েই নিজৰ নিজৰ দায়িত্ব সামৰিছে চিকিৎসকে ।বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ইতিমধ্যে প্ৰায়  প্ৰায় ৩০জনৰো অধিক লোকৰ দেহত কৰোনা পজিটিভ  ধৰা পৰিছে যদিও এনে জটিল সময়ত স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নথকাত প্ৰতিদিন বেমাৰী আহি ঘূৰি যাব লগা হৈছে যাৰ মাজত বহু কৰোনা পজিটিভ বেমাৰী থকাৰ সন্দেহ কৰিছে স্থানীয় সচেতন মহলে ৰাইজে । ইয়াক লৈ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে, জিলা প্ৰশাসন আৰু  নৱ নিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক বাঘমাৰা চৰ ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৰাইজে অতি সোনকালে বাঘমাৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত ঔষধ যোগান ধৰাৰ লগতে অতি কমেও তিনিজন চিকিৎসক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। এই সমস্যা সমাধান নহলে অতি শীঘ্ৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি ছাত্ৰ সংগঠনটোৱে হুংকাৰ দিছে।

Leave A Reply