Breaking

কোভিড প্ৰট’কল ভংগ কৰি কুকুৰ গ’ল কাৰাগাৰলৈ

0 2,055

কোভিড-১৯ প্ৰট’কল উলংঘা কৰাৰ বাবে কাৰাগাৰলৈ যাব লগা হৈছিল কিছুসংখ্যক অসচেতন নাগৰিক। কিন্তু এইবাৰ কোভিড বিধি নামানি জেলত গ’ল এটা কুকুৰ। দোষ কুকুৰটোৰ নাছিল। অসচেতন মালিকৰ বাবে কাৰাগাৰত যাব লগীয়া হ’ল প্ৰভুভক্ত কুকুৰটো। ঘটনাটো মধ্য প্ৰদেশৰ ইন্দোৰ চহৰৰ। চহৰখনৰ পালাচিয়া অঞ্চলত এজন লোকে কোভিড নিয়ম উলংঘা কৰি নৈশ কাৰ্ফিউৰ সময়ত পোহনীয়া কুকুৰৰ সৈতে বাহিৰলৈ ওলাই গৈছিল। পুলিচে কাৰ্ফিউৰ সময়ত ৰাস্তাত ঘূৰি ফুৰা বাবে নাগৰিকজনক আটক কৰে। লগতে কুকুৰটোকো আটক কৰি অস্থায়ী কাৰাগাৰলৈ নিক্ষেপ কৰে।নাগৰিকজন পেছাত ব্যৱসায়ী। ৰাতি ৰাস্তা খালী হোৱাৰ বাবে পোহনীয়া কুকুৰটোৰ সৈতে অলপ খোজ কাঢ়িবলৈ ওলাই অহা বুলি উল্লেখ কৰাৰ পিছতো আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ৰেহাই নিদিলে লোকজনক। ঘটনাটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰল হৈ পৰিছে।

Leave A Reply