Breaking

মাস্ক পৰিধান নকৰাকৈ ওলাই নাহিব অন্যথা গ্ৰেপ্তাৰ হ’ব পাৰে আপুনি ৷ শীঘ্ৰেই কঠোৰ হ’ব আৰক্ষী প্ৰশাসন : আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

0 1,304

নগাঁও, ১৪ ছেপ্টেম্বৰ : নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্য্যালয়ত আজি বাহিনীৰ সোণালী জয়ন্তী অনুষ্ঠানতো সুকলমে উদযাপন কৰা হয় ।১৯৭০ চনৰ ১৪ ছেপ্টেম্বৰত বৰ্তমান মেঘালয়ৰ ৰাজধানী শ্বিলঙত প্ৰতিষ্ঠা লাভ কৰা নৱম অসম আৰক্ষী বাহিনী পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে চাৰি শ্বহীদৰ ভূমি বঢ়মপুৰলৈ স্থানান্তৰিত হৈছিল । আজিৰ এই সোণালী জয়ন্তী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক গায়ন-বায়নৰ যোৰাই আদৰণি জনোৱাৰ পিছতেই সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি বাহিনীৰ গাৰ্ড অফ অনাৰেৰে তেওঁক অভিবাদন জনোৱা হয় । অভিবাদন গ্ৰহণ কৰাৰ পিছতেই তেওঁ বাহিনীৰ পতাকা উত্তোলন কৰে । বাহিনীটোৰ অধিনায়ক হিতেশ চন্দ্ৰ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত নৱম অসম আৰক্ষী বাহিনীয়ে বহু ভাল কাম কৰিছে বুলি কৈ বাহিনীটোৰ কৰ্মৰাজিৰ এক খতিয়ান দাঙি ধৰে । লগতে তেওঁ প্ৰতিবছৰে অসম আৰক্ষীৰ প্ৰতিগৰাকী লোককে এবাৰ এবাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে । আনহাতে ক’ভিড-১৯ ৰ প্ৰসংগ উল্লেখ কৰি ক’ভিড এটা মহামাৰী , মাস্ক পৰিধান কৰি ইয়াৰ পৰা ৰক্ষা পাব পাৰি বুলি উল্লেখ কৰি আমাৰ কিছুমান বুৰ্বক মানুহে মাস্ক নিপিন্ধাটো একপ্ৰকাৰ বীৰত্ব বুলি ভাবে বুলি তেওঁ কটাক্ষ কৰে । ইফালে অনুষ্ঠানত উপস্থিত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে ভাষণ প্ৰসংগত ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ চাৰি শ্বহীদক সশ্ৰদ্ধ স্মৰণ কৰাৰ লগতে আৰক্ষীৰ মনোবল বৃদ্ধিৰ বাবে কেতবোৰ দিহা পৰামৰ্শ আগবঢ়ায় । উক্ত অনুষ্ঠানত সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল.আৰ.বিষ্ণয়, অভিনেত্ৰী আশা বৰদলৈ আদিৰ উপস্থিতিত এটি “অভিজ্ঞানম” নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ।

Leave A Reply