Breaking

যুৱতী, মহিলা সকলৰ মুখত বা শৰীৰৰ আন অংগত যদিহে নোম গজি উঠিছে তেন্তে ইয়াৰ প্ৰতিকাৰ সমূহ গ্ৰহণ কৰিবলৈ নাপাহৰিব…

0 3,826

মহিলাৰ ঠোঁটৰ ওপৰত, গাল, বুকু, পেট, পিঠি আদিত কেতিয়াবা তুলনামূলকভাৱে মোটা বা কলা ধৰণৰ অলপ ঘন নোম দেখা দিয়ে। চিকিৎসা বিজ্ঞানত মহিলাৰ অবাঞ্ছিত নোম বৃদ্ধিক হিৰছুটিজম(Hirsutism) বোলা হয়।

এনেধৰণৰ নোম গজাই মাথো বাহ্যিক সৌন্দর্যক নহয়, শৰীৰৰ আন অংগ প্ৰতংগকো প্ৰভাৱিত কৰে।

কিদৰে অবাঞ্ছিত নোম তৈয়াৰী হয় মহিলাৰ –

মহিলাৰ শৰীৰত স্বাভাবিকভাৱেই এন্ড্রোজেন বা পুৰুষ হৰম’নৰ পৰিমাণ খুব কম থাকে। কিন্তু কেতিয়াবা ডিম্বাশয়ৰ বা এড্ৰিনেল গ্রন্থিৰ পৰা এন্ড্রোজেন হৰম’ন অধিক পৰিমাণে সৃষ্টি হলে এনেধৰণৰ হিৰছুটিজম সমস্যাই দেখা দিয়ে।

কি কি কাৰণত এন্ড্রোজেন হৰম’ন অতিৰিক্তভাবে বাঢ়ি যায়?

প্রথমেই জানি লোৱা ভাল যে এয়া কোনো ৰোগ নহয়, মাথো লক্ষণহে। বিভিন্ন কাৰণত মহিলাৰ ৰক্তকণিকাত পুৰুষ হৰমন এন্ড্রোজেনৰ আধিক্য বেছি হয়।

ৰিস্ক ফেক্টৰসমূহ –

  • সাধাৰণতে মাহেকীয়া ঋতুস্ৰাৱ বন্ধ(মেনোপজ)হৈ যোৱা মহিলাৰ বা হোৱাৰ বয়স(৪৫-৫০)হোৱা মহিলাৰ এনেধৰণৰ নোম গজাৰ সম্ভাৱনা বেছি থাকে। এই সময়ত মাহেকীয়া বন্ধ হোৱাৰ বাবে হৰম’নৰ পৰিবর্তন হয়,তাৰ ফলত এনে হোৱাৰ সম্ভাৱনা বেছি হয়। অৱশ্যে বহু সময়ত কম বয়সটো এই সমস্যাই দেখা দিয়ে।
  • অবিবাহিত মহিলাৰ মাহেকীয়া অনিয়মিত হোৱাও ইয়াৰ বাবে দায়ী।
  • বিবাহিত হোৱাৰ পিছত অনিয়মীয়া মাহেকীয়াৰ সৈতে সন্তান জন্ম হোৱা বা নোহোৱাৰ সম্পর্ক জড়িত থাকে। এইক্ষেত্রত ৰোগ নির্ণয় কৰি চিকিৎসা লোৱাটো জৰুৰী।

কাৰণ সমূহঃ

  • পলিছিস্টিক ওভাৰি ছিন্ড্রম(PCOS):- ৭০ শতাংশ মহিলাৰ ক্ষেত্রত অবাঞ্ছিত নোম গজাৰ কাৰণ এইটো। অবাঞ্ছিত নোম বৃদ্ধিৰ লগে লগে মুখত শালমন বা পিমপলচ্, মুৰৰ চুলি সৰা,ওজন বৃদ্ধি ও মেদবহুলতা, অনিয়মিত মাহেকীয়া, গর্ভধাৰণত সমস্যা, উচ্চ ৰক্তশর্কৰা-কোলেস্টৰল, উচ্চ ৰক্তচাপ, ডিম্বাশয়ত ছিস্ট আদি সমসাই দেখা দিয়ে।
  • ডিম্বাশয় আৰু এড্ৰিনেলগ্রন্থিৰ টিউমাৰ বা হাইপাৰপ্লেছিয়া:- এনেধৰণৰ টিউমাৰৰ পৰা অত্যধিক পৰিমাণৰ এন্ড্রোজেন হৰম’ন নিঃসৰণৰ ফলত কণ্ঠস্বৰ পৰিবর্তিত হব পাৰে,শৰীৰৰ গঠন বা মাংসপেশী পুৰুষৰ নিচিনা হয়। ইয়াৰ প্ৰভাৱ যৌন অংগ-প্ৰতংগ সমূহতো পৰে।
  • অন্যান্য হৰমনজনিত ৰোগ:- থাইৰয়ডৰ সমস্যা, কাউছিং ছিনড্রম, এক্রোমেগালি, প্রোলেকটিন’মা, ইনচুলিন ৰেজিছটেন্স সিনড্রম ইত্যাদিৰ কাৰণেও এই অবাঞ্ছিত নোম বৃদ্ধিজনিত সমস্যা হব পাৰে।

ঔষধ:- এনেধৰণৰ ঔষধৰ পার্শ্বপ্রতিক্রিয়াৰ বাবেও এই সমস্যা দেখা দিব পাৰে। যেনে স্টেৰয়ড, ডেনাজল, মিনোক্সিডিল, মেটোক্লোপ্রামাইড, মিথাইলডোপা, ফেনোথায়াজিন, প্রজেস্টেৰন ইত্যাদি।

কেতিয়া চিকিৎসকৰ পৰামর্শ লব –

নোম খুব দ্রুতগতিত বাঢ়ি থাকিলে।

পুৰুষৰ লক্ষণ বিদ্যমান থাকিলে। যেনে-কণ্ঠস্বৰ পৰিবর্তন, মাংসপেশী বাঢ়ি যোৱা, স্তনৰ আকাৰ সৰু হৈ যোৱাৰ লগে লগে মাহেকীয়া অনিয়মীয়া হলে।

ৰোগ কেনেকৈ নির্ণয় কৰিবঃ

বিভিন্ন প্ৰকাৰৰ ৰক্ত পৰীক্ষা কৰি ৰোগ নির্ণয় কৰা সম্ভব। যেনেঃ

  • Testosterone
  • Dihydroepiandrosterone sulfate (DHEA-S)
  • Luteinizing hormone (LH)
  • Follicle stimulating hormone (FSH)
  • Prolactin
  • 17-hydroxyprogesterone ইত্যাদি।

মহিলাৰ অবাঞ্ছিত নোম গজাৰ প্রতিকাৰৰ –

কাৰণ নির্ধাৰণ আৰু সেই অনুযায়ী চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা লোৱা জৰুৰী।

বেছিভাগ ক্ষেত্রতেই এই চিকিৎসা দীৰ্ঘম্যাদী হয় আৰু কমপক্ষেও ছয় মাহ যোৱাৰ পিছতহে ফলাফল দেখা পোৱা যায়।

ঔষধৰ লগে লগে ওয়াক্সিং, শেভিং, ক্রিম, ইলেক্ট্ৰ’লাইছিছ, লেছাৰ ইত্যাদিৰ মাধ্যমত সাময়িকভাৱে অবাঞ্ছিত নোম কমাই পেলাব পৰা যায়। ইয়াৰ বাবে ওজন কমোৱা অত্যন্ত জৰুৰী। উচ্চ ৰক্তশর্কৰা, কোলেস্টৰল বা উচ্চৰক্তচাপ হলে চিকিৎসা কৰাওক।

লেখক: ডাঃ শ্বাহিদুল প্ৰীতম

Leave A Reply