বহুতে ফলমূলত নিমখ দি খায়। আনহাতে বজাৰত কিছুমান মছলা পোৱা যায় যিবোৰ মানুহে ফলমূলত লগাই খায়। এনে কাৰ্যই আপোনাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। কাৰণ ফল-মূলত নিমখ দি খালে ইয়াৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে আৰু ইয়াৰ লগে লগে তাত থকা পুষ্টিকৰ উপাদানবোৰ হেৰাই যাবলৈ আৰম্ভ কৰে। যদি ফলমূলত পুষ্টিকৰ উপাদান নাথাকে, তেন্তে সেইবোৰ খাই কি লাভ-

ৰাতিপুৱা সাৰ পালে প্ৰথমে পানী খাব লাগে আৰু তাৰ পিছত ফলমূল খাব লাগে। দুপৰীয়াও ফলমূল খাব পাৰে কিন্তু খাদ্য খোৱাৰ আগতে বা পিছত নহয়। বহুতে গাখীৰৰ লগত ফল খায়, এই কামটো কৰিব নালাগে আৰু লগতে ফল খোৱাৰ পিছত পানীও খাব নালাগে।
স্বাস্থ্য বিশেষজ্ঞৰ মতে নিমখৰ সৈতে ফল খালে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়।
গোটেই দিনটো আমি বহুতো বস্তু খাই থাকোঁ যিবোৰত নিমখ থাকে, যেতিয়া আমি ফলৰ ওপৰতো নিমখ দিওঁ, তেতিয়া শৰীৰত বেয়া প্ৰভাৱ পৰে। এই প্ৰভাৱ তৎক্ষণাত দেখা নাযায় যদিও লাহে লাহে দেখা যায়।
ফলমূলত বহুতো পুষ্টিকৰ উপাদান থাকে, ফলৰ ওপৰত যদি নিমখ দিয়া হয় তেন্তে ফলবোৰত ছডিয়াম যোগ কৰা হয় যিটো ফলবোৰৰ একেবাৰেই প্ৰয়োজন নহয়। এনে কৰিলে আপোনাৰ বৃক্কত বেয়া প্ৰভাৱ পৰে।