Breaking

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ড° চন্দ্ৰ কটকী স্মাৰক বক্তৃতা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

0 2,101

ঐতিহ্যমণ্ডিত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ) অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক ড° চন্দ্ৰ কটকীৰ   স্মাৰক বক্তৃতা অসমীয়া বিভাগৰ উদ্যোগত আৰু পৰিয়াল বৰ্গৰ সহযোগত সমাপন হৈ যায়। ‘পাশ্চাত্য দাৰ্শনিক মতবাদৰ আলোকত অসমীয়া সাহিত্য’ শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক ড° গিৰীশ বৰুৱাই কয়- ” কোনো এজন অসমীয়া সাহিত্যিকেই পাশ্চাত্য দৰ্শনৰ কোনো এটা মতবাদকে সম্পূৰ্ণৰূপে আয়ত্ত কৰা নাই। তেওঁলোকৰ সাহিত্যত সেইবোৰৰ আংশিক প্ৰভাবহে পৰিছে- কাৰোবাৰ ক্ষেত্ৰত প্ৰত্যক্ষভাবে আৰু কাৰোবাৰ ক্ষেত্ৰত পৰোক্ষভাবে। দুখৰ বিষয় যে অসমীয়া সাহিত্যত নিজৰ ববীয়াকৈ কোনো স্বতন্ত্ৰ মতবাদ গঢ়ি নুঠিল।” ড° বৰুৱাই লিখক সকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় যে তেওঁলোকে যেন এটা মতবাদক সম্পূৰ্ণৰূপে আয়ত্ত কৰি তাৰ ভিত্তিত সাহিত্য ৰচনা কৰে।
উক্ত বক্তৃতানুষ্ঠানতে ড° বৰুৱাৰ ‘সংস্কৃত নাটক আৰু নাট্যকাৰ’ আৰু ড° চন্দ্ৰ কটকীৰ ‘চন্দ্ৰ কটকীৰ কবিতা’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপিকা  দীপা গোস্বামী আৰু যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ বৰাই।

Leave A Reply