Breaking

ৰঙিয়া মহাবিদ্যালয় বাণিজ্য শাখাৰ প্ৰতিষ্ঠা কালৰ অধ্যাপক ড° দিলীপ কুমাৰ ডেকাৰ দেহাৱসান…

0 28

ৰঙিয়া মহাবিদ্যালয় বাণিজ্য শাখাৰ প্ৰতিষ্ঠা কালৰ অধ্যাপক ড° দিলীপ কুমাৰ ডেকাৰ সোমবাৰে নিশা অকাল বিয়োগ ঘটে৷বাক্সা জিলাৰ মুছলপুৰত ১৯৬৮ চনত জন্ম লাভ কৰি বৰ্তমান ৰঙিয়াৰ স্থায়ী বাসিন্দা ড° ডেকাৰ মৃত্যুত সমগ্ৰ ৰঙিয়াত শোকৰ ছাঁ

পেলায়। বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা অধ্যাপকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী,পুত্ৰ আৰু কন্যাক এৰি থৈ যায়৷ 

ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীৰ মাজত অতি জনপ্ৰিয় শিক্ষকজনে সদা হাস্যবদনে সকলো ন্যস্ত দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল৷

Leave A Reply