Breaking

“ড° হিমন্ত বিশ্ব শৰ্মা এতিয়া এজন ব্যক্তি হৈ থকা নাই, বৰ্তমান তেওঁ এটা বৃহৎ অনুষ্ঠান” : বিধায়িকা আঙুৰলতা ডেকা

0 1,325

নগাঁও,২৮ আগষ্টঃ বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত মনোনীত হোৱাৰ পিছত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, দায়িত্বই মানুহক উৎসাহিত কৰে। দলে যি দায়িত্ব দিছে সেয়া নিয়াৰিকৈ পালন কৰি যাম। চৰকাৰৰ আ‍ঁচনিসমূহ মহিলাসকলৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম ৷ ইফালে,অসমৰ এজন দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচন নেখালাৰ প্ৰসংগতো মত প্ৰকাশ কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকাগৰাকীয়ে কয় ড০ হিমন্ত বিশ্ব শৰ্মা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। তেখেত বৰ্তমান এগৰাকী ব্যক্তি হৈ থকা নাই। তেখেত এটা বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। যিটো অনুষ্ঠানে নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈ আছে। বিশেষকৈ কোৰোণা মহামাৰীৰ সময়ত তেখেতে যি ভূমিকা গ্ৰহণ কৰিলে সেয়া অসমৰ সোণালী ইতিহাসত লিখা থাকিব। তেখেতৰ কৰ্ম দক্ষতাক শাত-শতৰুৱেও স্বীকাৰ কৰিব। গতিকে তেখেতক অসমত প্ৰয়োজন আছে। অসমৰ ভৱিষ্যতৰ বাবে, অসমীয়া জাতিটোৰ বাবে তেখেতে সক্ৰিয়ভাৱে চৰকাৰত থাকিব‌ই লাগিব। এইটো আমাৰ অনুৰোধ নহয়, তেখেতৰ ওচৰত দাবী। লগতে বিধায়িকা গৰাকীয়ে কয় যে, তেখেতে ভৱিষ্যতেও ৰাইজৰ হৈ সেৱা আগবঢ়াই যাব বুলি আশা কৰিছো।

Leave A Reply