Breaking

কলিয়াবৰৰ ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ বাবে ৫২ কোটি টকাৰ অভিলাষী আঁচনি প্ৰস্তুত। বিধায়কৰ চিগনেচাৰ আঁচনি ১০ কোটি টকাৰে নিৰ্মাণ হ’ব ফুটবল খেলা-পথাৰসহ দুমহলীয়া পেভিলিয়ন, থাকিব যাৱতীয় অত‍্যাধুনিক ব‍্যৱস্থাসমূহ ।

0 675

দৈনন্দিন বাৰ্তা :

কলিয়াবৰৰ নাগশঙ্কৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা° টি আওৰ স্মৃতিত উৎসৰ্গীত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ। ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া পেভিলিয়নখনো প্ৰাক্তন দৌৰবিদজনে নিজ হাতেৰে উন্মোচন কৰিছিল। তদানীন্তন কলায়বৰৰ বিধায়ক তথা ৰাজ‍্যৰ উদ‍্যোগ আৰু বাণিজ‍্য মন্ত্ৰী গুণীন হাজৰিকাৰ বিশেষ তৎপৰতাত গঢ়ি উঠিছিল কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ এই খেলাপথাৰখন। যোৱা ২০১৭ চনৰ আগষ্টৰ সংহাৰী বানে ধ্বংসৰ মুখলৈ ঠেলি দিয়া ষ্টেডিয়াখনে সূদীৰ্ঘ উনৈশ বছৰৰ পাছত পূৰ্ণাঙ্গ ৰূপ পাব কলিয়াবৰৰ ডা° টি. আও গ্ৰাম্য ক্ৰীড়াঙ্গনে। পুনৰ প্ৰাণ পাই উঠিব। ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গন হৈ পৰিব কলিয়াবৰ আৰু নিকতৱৰ্তী অঞ্চলৰ ক্ৰীড়াৰ বিকাশৰ অন্যতম ক্ষেত্ৰ। ২০০১ বৰ্ষৰ ১১ মাৰ্চত তদানীন্তন অসমৰ ৰাজ্যপাল এচ. কে. সিনহাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল গ্ৰাম্য ক্ৰীড়াঙ্গনখন। হাটবৰৰ ওচৰৰ নাগশঙ্কৰত অৱস্থিত গ্ৰাম্য ষ্টেডিয়ামখন ২০১৭ চনৰ বানে বিধ্বস্ত কৰাত হৈ পৰিছিল জৰাজীৰ্ণ। বানৰ পিচৰ সময়ছোৱাত ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ উন্নতিকল্পে ৫২ কোটি টকীয়া এক অভিলাষী আঁচনি অসম চৰকাৰৰ ওচৰত দাখিল কৰা হয়। এই আঁচনিৰ সম্পূৰ্ণ ধন আৱণ্টিত হোৱা নাই যদিও সদ‍্যহাতে প্ৰাৰম্ভিক পৰ্য‍্যায়ত অসম চৰকাৰৰ বিধায়কৰ চিগনেচাৰ আঁচনিৰ নামত আৱণ্টিত ১০ কোটি টকাৰ জৰিয়তে ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ আধুনিকীকৰণৰ কাম অহা ১৮ জুন তাৰিখে আনুষ্ঠানিকভাৱে উন্মোচন কৰিব কলিয়াবৰৰ স্থানীয় বিধায়ক তথা ৰাজ‍্যৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই‌। সীমাৰ দেৱাল, ২ মহলীয়া পেভিলিয়ন – ওপৰ মহলাত দৰ্শকৰ বাবে ১৫০০ আসন সমৃদ্ধ গেলাৰী, তলৰ মহলাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অত‍্যাধুনিক সুবিধালব্ধ খেলুৱৈ,  খেল পৰিচালকৰ ড্ৰেছিং ৰুম,  ব‍্যায়ামগাৰ, চিকিৎসকৰ চেম্বাৰ,  দৃশ‍্য-শ্ৰাব‍্য তথা ভিডিঅ’  কন্‌ফাৰেন্সিং ব‍্যৱস্থা,  কাৰ্য‍্যালয়, ফুটবল খেলাপথাৰ,  ফেন্সিং, ফ্লাডলইটৰ ব‍্যৱস্থাকে ধৰি প্ৰাৰম্ভিক পৰ্য‍্যায়ত ১০ কোটি টকাৰ ব‍্যয় সাপেক্ষ আঁচনিৰ ৰূপায়ণ হ’ব। 

Leave A Reply