Breaking

ড° সৃষ্টিধৰ দত্ত, নামেই যাৰ পৰিচয়।শিক্ষাবিদ, বুৰঞ্জীবিদ, গৱেষক, চিন্তাবিদৰ জনৰ বিয়োগত মৰ্মাহত সকলো। তেখেতৰ বিয়োগত কানৈ মহাবিদ্যালয়ত শোক প্ৰকাশ

0 1,634

ড° সৃষ্টিধৰ দত্ত, নামেই যাৰ পৰিচয়।বৃহত্তৰ মদাৰখাতৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী, শিক্ষাবিদ, বুৰঞ্জীবিদ, গৱেষক, চিন্তাবিদ, অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন, অসম চুক্তি ৰূপায়ন সমিতিৰ সদস্য, মদাৰখাতৰ অভিভাৱকজনক হেৰুৱাই মৰ্মাহত সকলো। অঞ্চলটোৰ লগতে অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বহু অৱদান আগবঢ়াই থৈ গৈছে। সততে দিহা-পৰামৰ্শৰে উৎসাহিত কৰা ড° সৃষ্টিধৰ দত্ত মৃত্যুত বৃহৎ ক্ষতি।অসমৰ অন্যতম প্ৰাচীন ভূমিপুত্ৰ মটক জনগোষ্ঠী এগৰাকী আগশাৰীৰ গৱেষক,বুৰঞ্জীবিদ এইগৰাকী শিক্ষাবিদে অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। লাহোৱাল তথা মদাৰখাত অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ডঃ সৃষ্টিধৰ দত্তৰ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত আজি পুৱাভাগত মৃত্যু হয়।তেখেতৰ মৃত্যু অসমৰ সমাজ শিক্ষাজগতৰ বাবে এক বৃহৎ ক্ষতি। এইগৰাকী বিশিষ্ট পণ্ডিতৰ মৃত্যুত লাহোৱাল প্ৰেছ ক্লাৱৰ তৰফৰ পৰা শোক প্ৰকাশ কৰা লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে তেওঁৰ শুভাকাংক্ষী সকলে।মটক জনগোষ্ঠীয়ে এজন অভিভাৱক হেৰুৱালো দুখ প্ৰকাশ কৰিছে। শিক্ষাবিদ, সমাজসেৱক, সমাজসচেতক, ইতিহাসবিদ, অৰুণাচল বিশ্ববিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত শৈক্ষিক ডীন, UGC ৰ NAAC ৰ শৈক্ষিক উপদেষ্টা মণ্ডলীৰ আজীৱন সদস্য, অসম চুক্তি ৰূপায়ন সমিটিৰ অন্যতম সদস্য, ময়ামৰা বৈষ্ণৱ সমাজৰ মাৰ্গদৰ্শক, কেইবাখনো গ্ৰন্থৰ প্ৰণেতা, মদাৰখাত(ঘোঁৰামৰা) সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বহু বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু সংগঠক, নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ উপদেষ্টা ইত্যাদি ইত্যাদি, আজি পুৱাতেই ইহসংসাৰৰ পৰা ৭৮ বছৰত বিদায় লয়। তেওঁৰ মৃত্যুত বিভিন্ন জনে শোকবাৰ্তা প্ৰেৰণ কৰিছে।মোৰ জীৱনৰ এজন আদি গুৰুক হেৰুৱায় মৰ্মাহত হৈছোঁ আৰু ভগৱানৰ ওচৰত ছাৰৰ বিদায় মগা আত্মাই যেন শান্তি লাভ কৰে তাকেই প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে শোকসন্তপ্ত পৰিয়ালৰ সকলো সদস্যলৈ সমবেদনা জ্ঞাপন কৰিছোঁ । মোৰ গুৰুসদৃশ শ্ৰদ্ধাৰ ড° সৃষ্টিধৰ দত্ত চাৰৰ আকস্মিক বিয়োগত মই গভীৰ দুখ প্ৰকাশ কৰিছোঁ। একাধাৰে এগৰাকী ইতিহাসবিদ, শিক্ষাবিদ, অসম চুক্তি ৰূপায়ণ সমিতিৰ সদস্য তথা অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন সৃষ্টিধৰ দত্ত চাৰে মোৰ প্ৰতিটো সামাজিক কামতেই পৰামৰ্শ প্ৰদান কৰি গৈছিল।মোৰ জীৱনৰ অন্যতম পথ প্ৰদৰ্শক হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল তেখেতে। শ্ৰদ্ধাৰ ড° সৃষ্টিধৰ দত্ত চাৰে জীৱন্ত কালত অসমীয়া সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেতৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি।
শেষত, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।

লগতে, তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধ সকলক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।ড০ সৃষ্টিধৰ দত্তৰ বিয়োগত কানৈ মহাবিদ্যালয়তো শোক প্ৰকাশ কৰিছে। অসমৰ অন্যতম প্রাচীন ভূমিপুত্র মটক জনগোষ্ঠীৰে নহয়, দেশৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, গবেষক, বুৰঞ্জীবিদ, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ইতিহাসলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ যোৱা তথা উত্তৰ-পূব বুৰঞ্জী সন্মিলন, ভাৰতীয় বুৰঞ্জী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, আজীৱন সদস্য, সাহিত্য-সংস্কৃতিৰ অন্যতম সাধক, বহুকেইখন মহাবিদ্যালয়, শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি, সদস্যকে ধৰি সমগ্ৰ দেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স’তে জড়িত, ডিব্ৰুগড় জিলাৰ বৃহত্তৰ মদাৰখাটি অঞ্চলৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ড০ সৃষ্টিধৰ দত্তৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত পৰলোক প্রাপ্তি ঘটাত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শ‍ইকীয়াই মৃত্যুত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড০ শশীকান্ত শ‍ইকীয়া আৰু সম্পাদক ৰাতুল বুঢ়াগোহাঁয়েও বিশিষ্ট শিক্ষাবিদজনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। বুৰঞ্জীবিদ ড০ সৃষ্টিধৰ দত্তৰ বিয়োগত ডিব্ৰুগড় ছেচ ক্লাৱ আৰু স্নেহবন্ধনৰ সকলো বিষয়ববীয়াই গভীৰ শোক প্রকাশ কৰিছে।আনহাতে অৰুণাচল বিশ্ববিদ্যালয়ৰ অবসৰ প্ৰাপ্ত ডীন, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাতা তথা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ডিব্ৰুগড় জিলাৰ সভাপতি ডঃসৃষ্টিধৰ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগ, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বৰবৰুৱা শাখাৰ সভাপতি নোমল চন্দ্ৰ গগৈ আৰু সম্পাদক সুৰেশ কালান্দী, বৰবৰুৱা সাহিত্য সভাৰ সভাপতি দেবেন কোৱঁৰ আৰু সম্পাদক কণক চন্দ্ৰ নেওগ,অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দিব্য শইকীয়া আৰু সম্পাদিকা সুবন্তি গগৈয়ে।

Leave A Reply