Breaking

প্ৰকাশ পালে ড° সুৰজিৎ দলেৰ নৱতম গ্ৰন্থ

0 1,059

অসমৰ ভূমিপুত্ৰ মিচিং সকলৰ ভাষা-সাহিত্যত সংযোজন হৈছে ড° সুৰজিৎ দলেৰ নৱতম গ্ৰন্থ মিচিং ভাষা শিক্ষণ পদ্ধতি৷ মিচিং আগম কেবাং বা মিচিং সাহিত্য সভাৰ দ্বাৰা প্ৰকাশ কৰা উক্ত গ্ৰন্থখন ড° সুৰজিৎ দলেৰ দ্বাৰা প্ৰণয়ন কৰিছে আৰু তেওঁক সহযোগিতা কৰিছে মিচিংআগম কেবাঙৰ কেন্দ্ৰীয় সভাপতি গোবিন্দ টাইদ, সচিব ডিম্বেশ্বৰ দলে আৰু সদস্য ডাঃ ঘনকান্ত দলেয়ে৷ মিচিং, অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰণয়ন কৰা উক্ত গ্ৰন্থ মঙ্গলবাৰে ধেমাজি কাড়িচুকস্থিত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যালয়ত উন্মোচন কৰে মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সভাপতি গোবিন্দ টাইদে৷অনুষ্ঠানটোত সভাপতিত্ব কৰে বিশিষ্ট শিল্পী একলব্য গামে৷

অনুষ্ঠানটোত উপস্থিত থাকে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুধিন বৰুৱা, টি এম পি কেৰ কেন্দ্ৰীয় উপসভাপতি সোমেশ্বৰ কাপ্তাক আদিয়ে৷উল্লেখনীয় যে, মিচিং ভাষা শিক্ষণ শীৰ্ষক গ্ৰন্থখনে হৈছে মিচিং ভাষাৰ শিক্ষণ পদ্ধতিৰ প্ৰথমখন গ্ৰন্থ৷

Leave A Reply