Breaking

প্ৰাকৃতিক ৰঙেৰে ভাওনা দৃশ্য ‘নৃসিংহ যাত্ৰা’ অংকন

0 1,495

অসমীয়া জাতি যি চিত্ৰকলা, সংস্কৃতি তথা গুৰু দুজনাৰ যি মহত্ত্ব অৱদান ‘ভাওনা’ক বিশ্বমুখী কৰাৰ উদ্দেশ্যে আগত ৰাখি প্ৰাকৃতিক ৰঙেৰে সৰ্বাধিক দৃশ্য অংকিত কৰিলে শিৱসাগৰৰ এগৰাকী ছাত্ৰীয়ে। মুঠ ৭৩ টা ছবিৰে “নৃসিংহ যাত্ৰা ” ভাওনাখন সকলো ব‍্যক্তিয়ে বুজিব পৰাকৈ প্ৰতিফলিত হৈ আছে চিত্ৰ সমূহত। ” নৃসিংহ যাত্ৰা ” ভাওনা  অসমীয়া ভাষাৰ প্ৰথম খন ভাওনা । যিখন ভাওনা Manuscript ৰ যোগেদি উলিওৱা হৈছে। সম্পূৰ্ণ Manuscript আৰ্হি ব্যৱহাৰ কৰি ভাওনা খনৰ প্ৰতিটো দৃশ্য অংকন কৰা হৈছে। গায়ন-বায়নৰ প্ৰৱেশৰ পৰা , সূত্ৰধাৰৰ প্ৰৱেশৰ পৰা ভাওনাৰ শেষ মূহুৰ্তলৈকে অংকন কৰা হৈছে।  শিৱসাগৰ নগৰৰ সমীপৰ শুকানপুখুৰী অঞ্চলৰ নিৱাসী ধ্ৰুৱজ্যোতি কাকতি আৰু ৰূপজ্যোতি কাকতিৰ কন্যা তথা শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰী  নিমিশা কাকতিয়ে অংকন কৰা ৭৩ টা দৃশ্যত বিভক্ত কৰা হৈছে। ” নৃসিংহ যাত্ৰা  ” ভাওনা খনৰ ৩১ টা চৰিত্ৰত ভগৱান বিষ্ণুৰ বৰাহ আৰু নৃসিংহ অৱতাৰ উল্লেখ কৰা হৈছে। চিত্ৰ সমূহত কোনো ধৰণৰ কৃত্ৰিম ৰং নাই। সকলো ৰঙেই প্ৰাকৃতিক। যোৱা ২১ মে ‘ ৰ পৰা ৩০ মে’ ৰ ভিতৰত সম্পূৰ্ণ ১০ দিনৰ ভিতৰত ভাওনা ভাগি চিত্ৰৰ যোগেদি অংকন কৰি উলিয়াইছে।যাৰ বাবে এনেকুৱা এটা শৈলী যি সকলো প্ৰকাৰৰ , সকলো ধৰণৰ মানুহে সেই চিত্ৰসমুহ চাই অসমীয়া ভাওনা সম্পকে কিছু আভাস বুজিব পৰা এটা পাৰদৰ্শিতা আছে ৷ অসমীয়া জাতি ভক্তি প্ৰাণৰ গুৰু দুজনাই ৰচিত মহাপুৰুষীয়া ভাঁওনা “নৃসিংহ যাত্রা” ক প্ৰাকৃতিক ৰঙেৰে অংকন কৰি India Book of Records ত স্হান লাভ কৰি পিতৃ ধ্ৰুৱ কাকতি কন্যা নিমিশা কাকতিয়ে নিজ জন্মস্থান শুকানপুখুৰীৰ লগতে শিৱসাগৰ তথা অসমৰ নাম উজলাই আমাকো গৌৰাম্বিত কৰিছে। নিমিশা কাকতিৰ এই সফলতা অৰ্জনক লৈ শিৱসাগৰ জিলাৰ লগতে শুকান পুখুৰী বাসী ৰাইজ  আনন্দৰত উৎফুল্লিত হৈ পৰিছে।

Leave A Reply