Breaking

দিল্লীত ৪২ কোটি টকাৰ সোণৰ বাৰ জব্দ

0 1,307

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই)ৰ তৰফৰ পৰা দেশৰ ৰাজধানীত শুকুৰবাৰে ৪২ কোটি টকাৰ ৫০৪ টা চোৰাং সোণৰ বাৰ জব্দ কৰাৰ লগতে আঠজন লোকক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছত দিল্লী ৰে’লৱে ষ্টেচনত আঠজন যাত্ৰী নামে ৷ তেওঁলোকৰ পৰা ৫০৪ টা সোণৰ বাৰ উদ্ধাৰ কৰে ৷ এইদৰে ডিআৰআইৰ এজন বিষয়াই কয় ৷ এই সোণৰ বাৰবোৰ যাত্ৰী কেইজনে পৰিধান কৰা বিশেষ ধৰণেৰে প্ৰস্তুত কৰা পোচাকত লুকুৱাই অনা হৈছিল আৰু ভুৱা আধাৰ কাৰ্ডৰ দ্বাৰা ভ্ৰমণ কৰিছিল ৷ চোৰাংচোৱাৰ পৰা পোৱা ইংগিত মতে উদ্ধাৰ হোৱা সোণৰ বাৰবোৰ বিদেশী চিহ্ন আছে ৷ মণিপুৰৰ মোৰেৰ আন্তৰ্জাতিক সীমান্তৰ পৰা ম্যানমাৰৰ পৰা ভাৰতলৈ পঠোৱা হৈছিল আৰু গুৱাহাটীৰ পৰা চলাচল কৰা ছিণ্ডিকেটে দিল্লী, কলকাতা আৰু মুম্বাইলৈ প্ৰেৰণৰ চেষ্টা কৰিছিল ৷ সেইবোৰ নগৰত ইয়াৰ গহনা বিশেষভাৱে সমাদৃত ৷ উল্লেখ্য যে জব্দ কৰা সোণৰ বাৰবোৰ ৯৯.৯ শতাংশ বিশুদ্ধ ৷ ইয়াৰ ওজন ৮৩.৬২১ কিলোগ্ৰাম ৷ বজাত ইয়াৰ মূল্য ৪২ কোটি টকা ৷ এই আঠ চোৰাং ব্যৱসায়ীক ১৯৬২ চনৰ শুল্ক আইনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেওঁলোকক ন্যায়িক জিম্মাত লৈ অনুসন্ধান অব্যাহত ৰাখিছে ৷

Leave A Reply