Breaking

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত এজন গাড়ীচালকৰ আত্মহনন…

0 50

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ পদ্মপুখুৰী (বনপাৰা) গাঁৱৰ বাসিন্দা প্ৰয়াত শাৰিতুল্লা শ্বেখৰ পুত্ৰ চেকান আলী (৪২) কালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ পৰে। চেকানৰ সন্ধানত পৰিয়ালৰ লোকে ওৰে নিশা বিচাৰ খোচাৰ কৰাৰ পাছত আজি ৰাতিপুৱা গাঁৱৰে এখন জনশূন্য ঠাইত এখন গছত চেকানৰ দেহ ওলমি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। গোসাঁইগাঁও সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গছৰ ডালত চিপ লৈ থকা অৱস্থাত চেকান আলীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে।

ইপিনে মৃতকৰ পৰিয়ালে জনোৱা মতে তেওঁ কিছুদিন ধৰি হতাশাত ভুগি আছিল। প্ৰায় এমাহ পূৰ্বে নিজৰ ১২ চকীয়া মালবাহী ট্ৰাকত সামগ্ৰী বোজাই কৰি আহি থাকোতে গুৱাহাটীৰ আমিনগাঁৱত মটৰ পৰিবহণ বিভাগে গাড়ীখন ৰখাই সকলো নথি-পত্ৰ পৰীক্ষা কৰে আৰু কোনো কাৰন নোহোৱাকৈ ৪৮,০০০ টকা জৰিমনা বিহাৰ লগতে গাড়ীৰ সকলো নথি-পত্ৰ তথা চেকানৰ ড্ৰাইভিং লাইচেন্সও জব্দ কৰে। এই ঘটনাৰ পাছৰ পৰাই তেওঁ মানসিকভাৱে ভাগি পৰিছিল বুলি মৃতকৰ নিকটাত্মীয়ৰ ভাষ্য।

গাড়ী এখন চলাই পৰিয়ালক পোহ পাল দিয়া চেকান আলী এই বৃহৎ পৰিমানৰ জৰিমনাৰ ধন সংগ্ৰহ কৰিব নোৱাৰাত গাড়ী খন এখন তেলডিপোত দীৰ্ঘ দিনৰ পৰা ৰখাই থৈছিল। গাড়ীৰ সমূহ নথি-পত্ৰ জব্দ কৰাত গাড়ী চলোৱাৰ ক্ষেত্ৰত বাধা আহি পৰাত হতাশাত ভূগি অৱশেষত আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হয় আৰু ইয়াৰ বাবে পৰিবহন বিভাগৰ আতিশয্যকে দায়ী কৰে ভুক্তভোগীৰ পৰিয়ালে। আত্মহত্যাৰ কাৰন অনুসন্ধান কৰি দৰিদ্ৰ পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ গাঁওখনৰ সচেতন ৰাইজে দাবী জনাইছে।

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট

Leave A Reply