Breaking

জাগীৰোডত ১ কোটি টকাৰ ড্ৰাগছ জব্দ…

0 32

জাগীৰোডত আজি ষ্টেটিক ছাৰ্ভিলেন্সৰ এটা দলে জাগীৰো আৰক্ষীৰ সহযোগত এখন এল্টো বাহনত জব্দ কৰে ১২৫.৬ গ্ৰাম ওজনৰ ড্ৰাগছ । নগাঁৱৰ জুৰীয়াৰ পৰা জাগীৰোড ৰেল ষ্টেচনৰ অভিমূখে পূৱা প্ৰায় ৪.৩০ বজাত AS-02-N-3157 নম্বৰৰ এল্টো বাহনখনত কঢ়িয়াই অনা অৱস্থাত জব্দ কৰে ব্ৰাউন চুগাৰখিনি । চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি ৷

জাগীৰোডৰ পৰা ৰেলেৰে কেৰেলালৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল তিনি সৰবৰাহকাৰীয়ে ৷ আটক তিনি সৰবৰাহকাৰী মুদ্দাচিৰ আলী, অলিউল্লাহ আৰু আতাবুৰ ৰহমান। জব্দকৃত হেৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১ কোটি টকা।

Leave A Reply