Breaking

মাজুলীত ২৩ বছৰে তিলতিলকৈ মৰ্মান্তিক যন্ত্ৰণাত শয্যাগত বৰবামৰ দুলাল নাথ ; ১৯৯৭ চনৰ পৰাই মেৰুদণ্ড ভাগি পৰি থকা দুলালৰ কৰুণ কাহিনীয়ে ম্ৰিয়মাণ কৰিছে সকলোকে; বৃদ্ধ মাতৃ আৰু কনিষ্ঠ ভগ্নীৰ শুশ্ৰূষাত জীয়াই আছে দুৰ্ভগীয়া দুলাল ; চৰকাৰী সাহায্যৰ আহ্বান

0 1,132

উজনি-মাজুলী : মাজুলী জিলাৰ এজন দুৰ্ভগীয়া যুৱকৰ কৰুণ কাহিনীয়ে সকলোকে শোকত ম্ৰিয়মাণ কৰি তুলিছে। জীৱনৰ সকলো হেৰুৱাই যোৱা ২৩ বছৰে নিজৰ বিছনাখনতে শৰ্যাশায়ী হৈ কেৱল চকুলো টুকি টুকি কটাইছে দুলাল নাথে । ভৰ যৌৱনত নিয়তিৰ পৰিহাসত ৰাজহাড় ভগা দুলালৰ মৰ্মান্তিক যন্ত্ৰণা নেদেখিলে বিশ্বাস কৰিবলৈকে অসুবিধা হ’ব।মাজুলী জিলাৰ ৰঙাচাহী গাঁও পঞ্চায়তৰ বৰবাম গাওঁত বিছনাত পৰি থকা দুলাল নাথ ঘৰখনৰ একমাত্ৰ পুত্ৰ। বৰবামৰ প্ৰয়াত দয়াৰাম নাথ আৰু পখিলী নাথৰ একমাত্ৰ পুত্ৰ দুলাল এসময়ত গাঁও তথা অঞ্চলটোৰ এজন প্ৰতিভাৱান যুৱক আছিল।দয়াৰাম নাথ আৰু পখিলী নাথৰ ছয় গৰাকী কন্যা সন্তানৰ মাজতে একমাত্ৰ পুত্ৰ  দুলাল আছিল ঘৰখনৰ আলাসৰ লাৰু।মৰম-চেনেহ আৰু আবেগৰ মাজত ডাঙৰ  হোৱা দুলালে  স্নাতক ডিগ্ৰী লোৱাৰ পাছতে নিয়তিৰ কোপদৃষ্টি পৰিল দুলালৰ ওপৰত। সুখৰ মাজত থকা দুলালক নিয়তিয়ে যেন বাছি বাছি শাস্তি দিলে। ভৰ যৌৱনৰ প্ৰায় ২৫ বছৰ সম্পূৰ্ণ হৈছিল দুলালৰ। ১৯৯৭ চনৰ নৱেম্বৰ মাহ; সেই আপদীয়া দিন এটাত দুলালে ঘৰৰ চোতালৰ কৃষ্ণ চূড়া গছৰ ডাল কাটিবলৈ গছত উঠিছিল; কিন্তু সেইসময়ত  নিষ্ঠুৰ নিয়তি ৰৈ আছিল ।কৃষ্ণচূড়া গছজোপাৰ সামান্য উচ্চতাৰ পৰা হঠাৎ পিচলি পৰিছিল দুলাল নাথ। ফলত দেহৰ মূল মেৰুদণ্ড বিকল হৈ পৰে আৰু ককালৰ তলৰ অংশ সম্পূৰ্ণ বিকল হৈ যায়। পিতৃ, মাতৃ, পৰিয়াল, আত্মীয়স্বজন সকলো মিলি দুলালক দেশৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ত বহু বছৰ চিকিৎসা কৰালে কিন্তু কোনো ফলপ্ৰসূ সমাধান নাপালে। দুলালৰ পিতৃ এগৰাকী প্ৰগতিশীল কৃষক আছিল আৰু ৫ গৰাকী কন্যাক স্নাতক ডিগ্ৰী, এগৰাকীক স্নাতকোত্তৰ আৰু দুলালক স্নাতক ডিগ্ৰীৰে সু-শিক্ষিত কৰি আদৰ্শ পৰিয়াল হিচাপে গঢি  তুলিছিল। এক আশাভৰা আৰু আনন্দময় পৰিৱেশৰ পৰিয়ালটোৰ একমাত্ৰ ভৱিষ্যতৰ ভৰসা দুলালে স্নাতক ডিগ্ৰী লোৱাৰ পাছত ঘৰৰ পৰা ১২ কিলোমিটাৰ দূৰত্বৰ তেতিয়াৰ বেচৰকাৰী পুৰণিবাৰী হাইস্কুল( বৰ্তমান  চৰকাৰী)ত শিক্ষকতা কৰিছিল।শৰ্যাশায়ী হোৱাৰ আগতেই চাৰি বাই- ভনীৰ বিয়া হৈ গৈছিল আৰু তেওঁ নিজেই বিবাহৰ পৰিকল্পনা কৰাৰ সময়তেই  জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। ২০০২ চনত দুলালৰ পিতৃৰ বিয়োগ ঘটাত  পৰিয়ালটোৰ হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয়। আনহাতে, বৰ্তমান বৃদ্ধা মাতৃ আৰু সৰ্বকনিষ্ঠ ভগ্নীয়ে দুলালক বিচনাতে পৰিচৰ্যা কৰি জীয়াই ৰাখিছে। যোৱা ২৩ বছৰে মাতৃ-ভগ্নীৰ শুশ্ৰূষাত কেৱল জীয়াই থকা দুলাল নাথৰ দেহৰ উৰ্ধ অংশৰ সুন্দৰ চেহেৰা নিম্ন অংশৰ নিথৰ অৱস্থা দেখিলে সকলো হৃদয়বান ব্যক্তিয়েই শোকত ভাগি পৰে।দেহাটোক ইফাল সিফাল কৰিব নোৱাৰা ,বিচনাতে মল ত্যাগ ,গা- ধোৱা,খাদ্য-গ্ৰহণ কৰা ইত্যাদি নিত্যনৈমিত্তিক কাৰ্যৰ বাবে ভগ্নী আৰু মাতৃয়ে নিজেই ব্যৱস্থা গ্ৰহণ কৰি দুলালক শুশ্ৰূষা কৰি আছে। বৃদ্ধা মাতৃয়ে নিজৰ ৰুগ্ন সন্তানটোক সুস্থ হোৱাৰ আশাতে অদৃষ্টক প্ৰাৰ্থনা কৰি আছে। বৰ্তমান শৰ্যাশায়ী দুলাল যিকোনো ৰোগত প্ৰায়েই ভুগি থাকে ।কিন্তু একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ বাবে অৰ্থ সংকটত পৰা পৰিয়ালটোক চৰকাৰী সাহায্যৰ তীব্ৰ প্ৰয়োজন হৈ পৰিছে। চৰকাৰী পক্ষই দুলালক সহায় কৰাৰ লগতে কোনো হৃদয়বান লোকেও দুৰ্ভগীয়া ব্যক্তিজনক  সহায় কৰিবলৈ মাতৃয়ে অনুৰোধ জনাইছে। দুলাল নাথক সহায় কৰিব খোজা   ব্যক্তিসকলক  ৬০০৩৬৪০০৪২নম্বৰত যোগাযোগ কৰিবলৈ  অনুৰোধ জনাইছে।

Leave A Reply