Breaking

দমদমা সাহিত্য সভাই যুৱ নেতা ৰাতুল শৰ্মাক প্ৰদান কৰিলে ‘যুৱ ৰত্ন বঁটা…

0 76

অসম সাহিত্য সভাৰ কামৰূপ জিলা দমদমা সাহিত্য সভাই হাজোৰ যুৱ নেতা, সমাজকর্মী, অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাক প্ৰদান কৰিলে ‘যুৱ ৰত্ন বঁটা’। কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত দমদমা মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যুৱ নেতা ৰাতুল শৰ্মাক বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰিল ৰাতুল শৰ্মা ভাষণ দি থাকোতে কান্দিলে ৰাতুল শৰ্মাই।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী, অসমবাণী বাতৰি কাকতৰ সম্পাদক দিলীপ চন্দনৰ উপস্থিতিত অনুষ্ঠিত সভাত সৃষ্টি হল আবেগিক পৰিৱেশ। দিল্লীত MCA পাঠ্যক্ৰম সমাপ্ত কৰি জনসংযোগ সাংবাদিকতা বিভাগত অধ্যয়ন কৰি MA পাঠ্যক্ৰম সমাপ্ত কৰি নতুন দিল্লীত সাংবাদিতা জীৱন আৰম্ভ কৰা ৰাতুল শৰ্মা এতিয়া অসম যুৱ আয়োগৰ সদস্য, লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য। বিগত সময় চোৱাত কামৰূপ জিলা তথা হাজো অঞ্চলত বিভিন্ন সমাজিক কাম কাজ কৰি সমাজলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে ৰাতুল শৰ্মাই।

হাজো অঞ্চলৰ দৰিদ্ৰ মেধাবী শিখাৰ্থীক আগবঢ়াই নিয়াৰ বাবে ৰাতুল শৰ্মাৰ অৱদান উল্লেখযোগ্য। হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰা বহু দৰিদ্ৰ শিক্ষাৰ্থীক নিজৰ খৰছত পঢ়ুৱাৰ দায়িত্ব লৈছে ৰাতুল শৰ্মা, বানপানীৰ সময়ত হাজোৰ বহু দুৰ্গম অঞ্চলত বানাক্ৰান্তক সহায় কৰিছে তেওঁ, হাজো অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰক আগুৱাই নিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে।

এনেবোৰ সামাজিক দায়বদ্ধতাৰ বাবে যুৱ নেতা ৰাতুল শৰ্মালৈ দমদমা সাহিত্য সভাই প্ৰদান কৰিলে ‘যুৱ ৰত্ন বঁটা’। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট সাহিত্যিক ড৹ ৰীতা চৌধুৰী, অসম বাণী বাতৰি কাকতৰ সম্পদক দিলীপ চন্দনে ৰাতুল শৰ্মাক বঁটা প্ৰদান কৰে।

এই অনুষ্ঠান উপস্থিত থাকে দৈনন্দিন বাৰ্তাৰ কাকতৰ সম্পাদক শংকৰ গোহাঞি , দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰঞ্জন শৰ্মা, দমদমা সাহিত্য সভাৰ সভাপতি কনক শৰ্মা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি।

Leave A Reply