Breaking

দহ দিনীয়া কাৰ্য্যসূচীৰে শনিবাৰৰ পৰা শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত শাৰদীয় দুৰ্গা পূজাৰ আয়োজন

0 221

ডিজিটেল ডেস্কঃ নলবাৰী জিলাৰ বেলশৰস্হিত ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত প্ৰতিবাৰৰ দৰে এইবাৰো ১৭ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ দহ দিনীয়া কাৰ্যসূচীৰে শাৰদীয় দুৰ্গা পূজা উদযাপনৰ আয়োজন কৰা হৈছে৷ শনিবাৰ, ১৭ অক্টোবৰত শুক্লা প্ৰতিপদ তিথিৰ পুৱা ৯-৩০ বজাত শৈলীপুত্ৰী ৰূপে দুৰ্গা পূজা আৰম্ভ আৰু দুপৰীয়া ১২ বজাত বলিদান৷ ৰবিবাৰ, ১৮ অক্টোবৰত ব্ৰহ্মচাৰিণী ৰূপী দুৰ্গাৰ পূজা, পুৱা ১০ বজাত দ্বিতীয়া বিহিত পূজা৷ সোমবাৰ, ১৯ অক্টোবৰত চন্দ্ৰ ঘন্টা ৰূপী দুৰ্গা পূজা., মঙ্গলবাৰ, ২০ অক্টোৱৰত কুষ্মাণ্ড ৰূপী দুৰ্গা পূজা, বুধবাৰ, ২১ অক্টোবৰত স্কন্দমাতা ৰূপী দুৰ্গা পূজা., বৃহস্পতিবাৰ, ২২ অক্টোবৰত কাত্যায়ণী ৰূপী দুৰ্গা ষষ্ঠী পূজাৰ লগতে সন্ধিয়া ৬ বজাত দেৱীৰ বোধন, আমন্তণ আকু অধিবাস, নিশা নৱপত্ৰিকা স্নান আৰু প্ৰৱেশ৷

শুকুৰবাৰ, ২৩ অক্টোবৰত কালৰাত্ৰী ৰূপী দুৰ্গাৰ সপ্তমী পূজা, শনিবাৰ, ২৪ অক্টোবৰত মহা অষ্টমী পূজা., ৰবিবাৰ, ২৫ অক্টোৱৰত মহা নৱমী পূজা৷ মহা নৱমী পূজাৰ পুৱা ১০ বজাত বলিদান কাৰ্যসূচীত দেৱালয়ৰ তৰফৰ পৰা ৰাইজৰ মঙ্গলৰ হকে এটি ম’হ বলি দিয়া হ’ব৷ অন্যবাৰৰ দৰে এইবাৰ ম’হ বলিৰ কাৰ্যসূচী বাতিল কৰা হৈছে৷ সোমবাৰ, ২৬ অক্টোবৰৰ বিজয়া দশমীৰ পুৱা ৮ বজাত পুজা আৰম্ভ আৰু ১০ বজাত দেৱী বিসৰ্জন, অপৰাজিতা পূজা৷ স্বাস্থ্য বিভাগৰ সকলো নীতি নিয়ম মানি ১৭ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ দহ দিনীয়া কাৰ্যসূচীৰে বিল্বেশ্বৰ দেৱালয় শাৰদীয় দুৰ্গা পূজা উদযাপনৰ আয়োজক কমিটিয়ে স্বাস্হ্য বিভাগ আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নয়ম মানি চলিবলৈ ৭ টা নীতি-নিৰ্দেশনাৰ এখন গোঁহাৰি ছপা কৰি বিতৰণ কৰাৰ লগতে চাবোনেৰে হাত ধুই, হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰি পূজাত অহা মাৰ ভক্ত সকলক পূজাস্হলীত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু মাক্স পৰিধান কৰিবলৈ আহ্বান জনাইছে৷

Leave A Reply