Breaking

হোজাইত আধ্যাত্মিকতাক প্ৰাধান্য, ৭১ খন পূজা মণ্ডপত ২৮২ জনৰ কভিড পৰীক্ষা, ৩ জন আক্ৰান্ত মহামাৰী কোৰোনাত

0 135

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাইঃ বিগত বছৰ সমূহৰ দৰে হোজাইত এইবাৰ নাই পূজা উচাহ, নাই কোনো জাক জমকতা। সপ্তমিৰ পূৱাৰ পৰাই নেৰানেপেৰা বৰষুণ., পূজা স্থলি,বজাৰ সমূহতো জনসাধাৰনৰ সমাগম তেনেই সেৰেঙা। এইবাৰ হোজাই থানা এলেকাৰ ৭১ খন পূজা সমিতিয়ে পুজাৰ আয়োজন কৰিছে, ইয়াৰে ৩৪ খন হোজাই পৌৰ এলেকাৰ। হোজাইৰ এই ৭১ খন পূজাৰ ভিতৰত হোজাইৰ আদৰ্শৰ পূজা সমিতিয়ে দেৱী ভাগৱত অনুযায়ী ওঠৰ হাতৰ পাছফুটীয়া মূৰ্ত্তিৰে পূৰ্বৰ স্থানৰ সলনি যুগল কিশোৰ কেডিয়া ভৱনত এইবাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, এনে মূৰ্তিৰে অসমৰ দুই ঠাইতে পূজা কৰা হয়। হোজাইৰ উপৰিও ডিব্ৰুগড়ত এনে মূৰ্তি নিৰ্মান কৰি পূজা কৰা হয়। হোজাই নতুন বজাৰৰ মণিপুৰী সম্প্ৰদায়ৰ বাঘ বাহন সহ “ইমা পানথৈবী” মন্দিৰৰ দুই হতিয়া দেৱী মূৰ্তি প্ৰতিষ্ঠা কৰিছে। ইফালে হোজাইৰ অধিকাংশ পূজা সমিটিয়ে কভিড পৰীক্ষাৰ বাবে চৰকাৰে বান্ধি দিয়া অধিনিয়ম অমান্য কৰি কভিড পৰীক্ষা কৰাৰ পৰা কৌশলেৰে বিৰত আছে। চৰকাৰী তথ্য অনুযায়ী কালি আৰু আজি হোজাই থানা এলেকাৰ ৭১ খন পূজা সমিতিৰ মাত্ৰ ২৮২ জন বিষয়ববীয়া আৰু পূজাৰীৰ কভিড পৰীক্ষা কৰা হয়। হোজাইৰ এজন আৰু যোগীজানৰ দুজনক কভিড আক্রান্ত বুলি চিনাক্ত কৰা হয়। বছেৰেকীয়া পূজাৰ আনন্দ উৎসৱত হেঙাৰ হোৱাৰ ভয়ত অধিকাংশ পূজা সমিতিয়ে কভিড পৰীক্ষাৰ পৰা কৌশলেৰে বিৰত আছে বুলি প্ৰকাশ। অন্যহাতে গাওঁসমূহতো একেই পৰিবেশ, আধ্যাত্মিকতাক প্ৰাধান্য দি পূজা একাংশ কমিটিসমুহে পূজাৰ বেদিত স্থাপন কৰিছে দেৱী দূৰ্গাৰ মূৰ্তি যদিও ইয়াৰে কোমোৰাকটা সাৰ্ব্বজনীন পূজা সমিতিবোৰকে আদি কৰি একাংশ কিছু পূজাত ঘট প্ৰতিস্থা কৰিছে। হোজাই পৌৰ এলেকাৰ শিৱবাৰীৰ সত্য নাৰায়ণ মন্দিৰ পূজা সমিতিয়ে ঘট প্ৰতিষ্ঠা কৰাৰ বিপৰীতে বাকী ৩৩ খন পূজা সমিতিয়ে প্ৰতিমা প্ৰতিষ্ঠা কৰে। হোজাই পৌৰ এলেকাৰ পূজাৰ মূৰ্তি সমূহ দশমীত বিসৰ্জনৰ বাবে শিৱবাৰী দুৰ্গা বাড়িৰ ৰাজহুৱা পুখুৰী, নতুন বজাৰৰ ৰাজহুৱা পুখুৰী, কালিবাড়ি ৰাজহুৱা পুখুৰী আৰু দুখনৰ বাবে ডিমৰু নৈত পৌৰসভাই ঘাট নিৰ্মান কৰিছে।৯ খন পূজা সমিতিয়ে নিজস্ব পুখুৰীত দেৱী বিসৰ্জন দিব বুলি পৌৰসভাৰ তথ্যত প্ৰকাশ।

Leave A Reply