Breaking

ডিমৌ ৰাজহ চক্রৰ নিতাইপুখুৰীত ৩৫ বছৰে উন্মুক্ত হৈ পৰি আছে দুৱৰীছিগা ডুবি, ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা

0 16

ডিমৌ ৰাজহ চক্রৰ নিতাইপুখুৰী মৌজাৰ দুৱৰীছিগা গাঁৱত অৱস্থিত এটি ডুবিয়ে সম্প্ৰতি ভয়ংকৰ বিপদ মাতি অনা পৰিলক্ষিত হৈছে৷ বিপদজনকভাৱে থকা ডুবিটোয়ে যিকোনো মূহূৰ্ততে কাৰোবাৰ জীৱন কাঢ়ি নিব পাৰে ৷ উল্লেখ্য যে ১৯৮৯ চনৰ ৫ জুলাইত স্হানীয় দিহিংনদী ফেনেফুটুকাৰে বাঢ়ি আহি অহাৰ ফলত দুৱৰিছিগা মথাউৰি ভাগি নিতাইপানীদিহিঙত এক প্ৰলয়ংকৰ সৃষ্টি কৰিছিল৷দুৱৰীছিগা মথাউৰি ছিগাৰ স্মৃতি আজিও অঞ্চলটোৰ ৰাইজৰ মাজত সজীৱ হৈ আছে৷ দুৱৰীছিগা মথাউৰি ভঙাৰ ফলত অঞ্চলটোৰ খেতিপথাৰ প্ৰায় সুৰ্দীঘবছৰ কাল ছন পৰি যোৱাৰ লগতে বিভীষিকাময় পৰিস্থিতি এতিয়াও পাহৰি নাই৷ তেনে এক স্মৃতি ধৰি ৰাখিছে নিতাই পথত অৱস্থিত দুৱৰীছিগা ডুবিটোয়ে৷ উল্লেখ্য যে প্ৰায় দুবিঘা মাটিকালিৰ ডুবিটোক লৈ ৰাইজৰ মনত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈ আহিছে৷

যিটো ডুবি খৰালি পানীৰে ভৰি থকাৰ লগতে যিকোনো মূহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা আছে৷ ইফালে ডুবিটোৰ সন্মুখতে আছে এখন বেচৰকাৰী শিক্ষানুষ্ঠান৷ বিদ্যালয়খনলৈ অহা কণকণ ছাত্ৰ-ছাত্ৰীৰ উপৰি পথটোয়েদি নিতৌ নিতাইপুখুৰীৰ একাধিক বিদ্যালয় আৰু মহাবিদ্যালয়লৈ শ শ ছাত্ৰ-ছাত্ৰী অহাযোৱা কৰে৷অতি গুৰুত্বপূৰ্ণ পথটোয়েদি শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন কামকাজত অহা ৰাইজৰ বাবেও ডুবিটো বিপদজনক হৈ আছে৷ উল্লেখ্য যে ৩৫ বছৰে উন্মুক্ত হৈ থকা দুৱৰিছিগা ডুবিটোত ইতিমধ্যে আঘোণ পোহ মাহত ঘন কুৱলিত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে৷ সেই মাহকেইটাত পথটো কুৱঁলিয়ে ভৰি থকাত বাটৰুৱাৰ বাবে ডুবিটো অধিক বিপদজনক হৈ পৰে৷ৰাইজে বিভাগীয় কতৃৰ্পক্ষক শীঘ্ৰে দুৱৰিছিগা ডুবিৰ চৌদিশে পোহৰ আৰু বাউণ্ডেৰি ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷এই ক্ষেত্রত ডিমৌ ৰাজহ চক্রৰ চক্র বিষয়াক বিষয়টো গুৰুত্বসহকাৰে লবলৈও ৰাইজে আহ্বান জনায়।

Leave A Reply