আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে অসমীয়া ভাষাত প্ৰস্তুত কৰা ১০০০টা ভিডিঅ’ পাঠ (e-contents)ৰ শুভাৰম্ভ কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। এই ভিডিঅ’ পাঠসমূহ ‘E-Kaksha’ নামেৰে YouTube আৰু Mission Gyan App-ত বিনামূলীয়াকৈ উপলব্ধ।(E-Kaksha)
‘E-Kaksha’ হৈছে সমগ্ৰ শিক্ষা অসম আৰু Mission Gyanৰ এক যৌথ উদ্যোগ। আজিৰ এই শুভাৰম্ভণী অনুষ্ঠানত ভিডিঅ’ পাঠসমূহৰ প্ৰস্তুতিত সহযোগিতা আগবঢ়োৱা ৪০ গৰাকী চৰকাৰী শিক্ষকক প্ৰশংসাপত্ৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
এই ডিজিটেল উদ্যোগে শিক্ষাৰ্থী আৰু শিক্ষকসকলক উপকৃত কৰিব। ই-কক্ষ মুকলি কৰি YouTubeত পৰীক্ষা কৰিবলৈ এটা লিংকো শ্বেয়াৰ কৰিছে মন্ত্ৰীগৰাকীয়ে—