Breaking

গোসাইগাঁৱত ই-ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ, APDCL ৰ জাননীক লৈ হাহাকাৰ পৰিস্থিতি ই- ৰিক্সা চালকৰ…

0 188

গোসাইগাঁৱ মহকুমাৰ ই-ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ।APDCL ৰ জাননীক লৈ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ই- ৰিক্সা চালক সকলৰ।বেটাৰী চাৰ্চ দিবলৈ বানিজ্যিক মিটাৰৰ বাধ্যতামুলক কৰাত হাহাকাৰ হৈ পৰিছে একাংশ ই- ৰিক্সা চালক।

APDCL ৰ জাননীৰ বাতৰি পোৱাৰ পিছতে হাহাকাৰ হৈ পৰিছে গোসাইগাঁও ই- ৰিক্সা ৱাৰ্কাৰ্স ইউনিয়নৰ সদস্য সকলৰ । চৰকাৰ এই আইনক লৈ গোসাইগাঁও ই- ৰিক্সা ৱাৰ্কাৰ্স ইউনিয়নে আজি নিজ কার্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গোসাইগাঁও সদৰ চহৰৰ আকাশ বতাহ কপাই তোলে।


বিদ্যুৎ বিভাগ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, দুখীয়া ই- ৰিক্সা চালকৰ ওপৰত অত্যাচাৰ নচলিব, এই আইন বাতিল কৰক, অসম চৰকাৰ মূৰ্দাবাদ, বিভিন্ন শ্লোগান দি অসম চৰকাৰ আৰু APDCL ৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্থ্য কৰে। এনেকি যদি এই আইন বাতিল নকৰে আগন্তুক দিনত গনতান্ত্রিক আন্দোলন কৰিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে।

Leave A Reply