Breaking

ব্যতিক্ৰম : ভিক্ষাৰ পাত্ৰলৈ সংগৃহীত ৫০ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান…

0 56

এজন ভিক্ষাৰী৷ ভিক্ষাৰ পাত্ৰই হৈছে তেওঁৰ জীৱন জীৱিকা৷ কিন্তু এইজন ভিক্ষাৰীৰ কাহিনী কিছু পৃথক৷ উল্লেখ্য যে ২৪ বছৰৰ পূৰ্বে ভিক্ষাৰীজনৰ পত্নীৰ মৃত্যু হৈছিল। তেওঁৰ দুয়োজন পুত্ৰ৷ দুয়োজন পুত্ৰই পিতৃক কোনো গুৰুত্ব নিদিয়ে। উপায়বিহীন লোকজন৷ শেষত গ্ৰহণ কৰিলে ভিক্ষা বৃত্তি৷ তামিলনাডুৰ বাসিন্দা পুলপাণ্ডিয়ানেৰ পৰিচয় হ’লগৈ ভিক্ষাৰী৷ তেওঁ ভিক্ষা খুজি দিন পাৰ কৰে। ৭২ বছৰীয়া পুলপাণ্ডিয়ান নামৰ লোকজন ৷

তেওঁ ভিক্ষা খুজি লাভ কৰা ধন নিজৰ বাবে খৰচ নকৰি সকলোখিনি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা কথাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷

গুৰুত্বপূৰ্ণ যে তেওঁ ৫ বছৰ ধৰি ভিক্ষা কৰি ৫০ লাখ টকা সংগ্ৰহ কৰে। কিন্তু তেওঁ তামিলনাডুৰ বিভিন্ন জিলা পৰিভ্ৰমণ কৰিছে৷ তেওঁ কয় যে মোৰ পৰিয়ালত কোনো নাই। ইমান টকাৰে কি কৰিম? পত্নীৰ বহু আগতেই মৃত্যু হৈছে। পুত্ৰই বিবাহ কৰালে৷ এতিয়া পুত্ৰ-বোৱাৰীৰ এটা সুকীয়া পৰিয়াল আছে। ল’ৰাই মোক চোৱাচিতা নকৰে। গতিকে মই অকলে ঘূৰি ফুৰো, ভিক্ষা খুজি নিজৰ খৰচ নিজেই বহন কৰো।

উল্লেখ্য যে ২৪ বছৰ পূৰ্বে পত্নীৰ মৃত্যুৰ পিছত তেওঁ পুত্ৰৰ ওচৰলৈ গৈছিল। কিন্তু তেওঁৰ দুই পুত্ৰই তেওঁৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰে৷ তাৰ পিছত পুলপাণ্ডিয়ানে তামিলনাডুলৈ আহি ভিক্ষা খুজিবলৈ ধৰিলে।

পুলপাণ্ডিয়ানে কয় যে তেওঁ প্ৰথমে ২০২০ চনৰ মে’ মাহত কোভিড মহামাৰীৰ সময়ত সাহায্য পুঁজিলৈ ধন আগবঢ়াইছিল। তেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে ১০ হাজাৰ টকা দান কৰে। ইয়াৰ পিছত তেওঁ তামিলনাডুৰ বিভিন্ন জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ ধন দান কৰে।

৫ বছৰ ধৰি প্ৰায় ৫০ লাখ টকা সঞ্চয় কৰা বুলি জানিবলৈ দিয়ে ৭২ বছৰীয়া ব্যক্তিজনে। তেওঁৰ পৰিয়ালত কোনো খৰচ নথকাৰ বাবেই এই সমগ্ৰ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰাৰ সিদ্ধান্ত লয়। তেওঁ কেৱল সাহায্য পুঁজিলৈ নহয়, শ্ৰীলংকাৰ তামিলসকলক সহায় কৰাৰ লগতে বিভিন্ন বিদ্যালয়ৰ উন্নয়নৰ বাবেও ধন দিছিল। ১৯৮০ চনত তামিলনাডুৰ পৰা পত্নী আৰু দুই পুত্ৰৰ সৈতে পুলপাণ্ডিয়ানে মুম্বাইলৈ গুচি যায়। তাত সৰু সৰু কামো কৰিছিল। উপাৰ্জন কৰি দুজন পুত্ৰক বিবাহ কৰাই দিছিল৷

উল্লেখ্য যে সমাজসেৱাৰ বাবে ২০২০ চনত মাদুৰাই জিলা আয়োগে তেওঁক বঁটা প্ৰদান কৰি সম্বৰ্ধনা জনাইছিল৷

Leave A Reply