Breaking

পূব মাজুলী মহাবিদ্যালয়ত মাজুলী জিলাৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্য্যায় ‘ৱেবিনাৰ’ সম্পন্ন

0 1,434

উজনি-মাজুলী : পূব মাজুলী মহাবিদ্যালয়ৰ সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত অলপতে “কভিড-১৯ পেণ্ডেমিক: ইটচ্ ইক’নমি এণ্ড চ’চিঅ-চাইক’লজীকেল ইছু” শীৰ্ষক এখন সময়োপযোগী ৱেবিনাৰ অনুষ্ঠিত হৈ যায়। অধ্যক্ষ ড: অৰূপ কুমাৰ বৰাৰ উদ্বোধনী ভাষণ আগবঢ়োৱাৰ পিছতেই প্ৰথম কাৰিকৰী সত্ৰলৈ সমল ব্যক্তি হিচাপে আমন্ত্ৰিত মেঘালয়ৰ শ্বিলংস্থিত আই.আই.এম.ৰ সহযোগী অধ্যাপক সঞ্জীব কাকতিয়ে পেণ্ডেমিক জটিল সময়ৰ লগত সঙ্গতি ৰাখি ঐতিহাসিক উপমাৰে স্ব-উৎপাদনৰ ওপৰত গুৰুত্ব দি অৰ্থনৈতিক দিশৰ ওপৰত তথ্য সমৃদ্ধ সমলেৰে পৰ্য্যালোচনা আগবঢ়ায়। তেখেতে ভাৰত স্বাধীন হোৱাৰ সময়চোৱাত জি.ডি.পি. আৰু শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম এখন শীৰ্ষ পৰ্যায়ৰ ৰাজ্য হোৱাৰ গৌৰৱোজ্জল ইতিহাসক সোঁৱৰাই ধনাত্মক দৃষ্টিভঙ্গীৰে অৰ্থনৈতিক সম্ভাৱনীয়তাৰ মন্তব্যৰে বক্তৃতা সামৰে। ইয়াৰ পিছতেই দ্বিতীয় কাৰিকৰী সত্ৰলৈ আমন্ত্ৰিত সমল ব্যক্তি, যিগৰাকীয়ে ক’ৰোণাতঙ্কৰ জটিল সন্ধিক্ষণত সামাজিক মাধ্যমৰ যোগেদি সৰ্বসাধাৰণক চিকিৎসা সম্বন্ধীয় বিভিন্ন যোগাত্মক পৰামৰ্শৰে মনোবল বৃদ্ধিৰ প্ৰয়াস কৰি আহিছে সেইগৰাকী গুৱাহাটীৰ মেডিচিন বিভাগৰ জনপ্ৰিয় চিকিৎসক ডা: সন্দিপন শৰ্মাই কভিড-১৯, পেণ্ডেমিক, এণ্ডেমিক, লকডাউন আৰু কভিড-১৯ প্ৰতিৰোধৰ ভেকচিন প্ৰস্তুতকৰণ আৰু সম্ভাব্যতাৰ সম্পৰ্কত তথ্য সমৃদ্ধ ব্যাখ্যা আগবঢ়োৱাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰাসঙ্গিক কৈ শাৰীৰিক-সামাজিক-মনোবিজ্ঞানক সামৰি শিশু, যুৱ আৰু বৃদ্ধ সকলৰ মনোবল অটুত ৰখাৰ অন্তৰায় সমূহ উনুকিয়াই হতাশগ্ৰস্ততা দূৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে। দুয়োগৰাকী বিজ্ঞ ব্যক্তিয়ে আকৰ্ষণীয় বক্তব্যৰ শেষত অংশগ্ৰহণকাৰীক প্ৰশ্নোত্তৰ শিতানত ভাগ লয়। শেষত আয়োজক সমিতিৰ সভাপতি তথা মহাবিদ্যালয় খনৰ উপাধ্যক্ষ দিপক বৰাই সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ শতাধিক শিক্ষক, গৱেষক, ছাত্ৰ/ছাত্ৰী আৰু অন্যান্য অংশগ্ৰহণকাৰীয়ে ‘ঝুম ক্লাউড মিটিং’ প্লেটফৰ্ম আৰু “ইউটিউব’ পোনপটীয়া সম্পচাৰত ভাগ লয় আৰু সমলব্যক্তিৰ সাৰুৱা বক্তব্যত আকৃষ্ট হৈ উষ্ম প্ৰেৰণাদায়ক প্ৰতিক্ৰিয়াৰে ‘চাট বক্স’ ভৰাই তোলে। প্ৰতিগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰীক একোখন অনলাইন মানপত্ৰ প্ৰদান কৰা হয়। যুটীয়া সমন্বয়কদ্বয় ক্ৰমে ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অনুপ কুমাৰ বৰাই আঁত ধৰা ৱেবিনাৰখনিৰ কাৰিকৰী দিশত পৰিচালনা কৰে সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক উত্তম শইকীয়াই। মহাবিদ্যালয়ৰ এক ফেছবুক পেজৰ জড়িয়তে আয়োজক সমিতিৰ হৈ সন্মানীয় সমলব্যক্তিদ্বয়ক তেখেতলোকৰ ব্যস্ততাৰ মাজতো আমন্ত্ৰণ ৰক্ষা কৰি যি বিশাল জ্ঞানৰ তথ্য সমিদ্ধ সম্ভাৰ সকলোৰে বোধগম্য হোৱাকৈ মনোগ্ৰাহী বক্তব্যৰে দাঙি ধৰি ৱেবিনাৰখনক মানদণ্ড প্ৰদান কৰিলে তাৰ বাবে সশ্ৰদ্ধ কৃতজ্ঞতা জনাই। অনুষ্ঠানটি আয়োজন কৰিবলৈ অনুমতি প্ৰদান কৰি আৰম্ভণিৰ পৰা শেষলৈকে দিহা পৰামৰ্শ দিয়াৰ লগতে উদ্বোধকৰ দায়িত্ব পালন কৰাৰ বাবে সন্মানীয় অধ্যক্ষ মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply