Breaking

শাৰীৰিক সুস্থতাৰ বাবে মৌচুমী টেঙা খাওক আৰু সুস্থ থাকক…

0 91

ফলৰ ভিতৰত মৌচুমী টেঙা হৈছে এনে এবিধ ফল যি সকলো সময়তে উপলব্ধ হয় । শাৰীৰিক সুস্থতাৰ বাবে মৌচুমী টেঙাৰ বহু উপকাৰী গুণ আছে । বিভিন্ন পলিফেনলিক যৌগ সমৃদ্ধ মৌচুমী টেঙাই আমাৰ শৰীৰত মিনাৰেল, ডায়েটৰি ফাইবাৰ যোগান ধৰে । যি মানুহৰ হজম শক্তি বৃদ্ধি কৰাৰ লগতে অৰুচি , বমি ভাৱ অহা, কোষ্ঠিকাঠিন্যৰ দৰে ৰোগ উপশম কৰাত সহায় কৰে ।

ভিটামিন চি আৰু বায়োফ্ল্যাভোনয়েড থকাৰ কাৰণে আৰ্থাৰাইটিছ সমস্যাৰ পৰাও ৰেহাই দিয়াৰ লগতে ডায়েটিং কৰাৰ সময়ত পাণ কৰিলে কম কেলৰিত প্ৰচুৰ ফাইবাৰ সমৃদ্ধ মৌচুমী ৰসে মেদ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে ।

ইয়াৰোপৰি ওঁঠ আৰু জিভাৰ ঘাঁ লগা, ৰক্তপাত হোৱা ৰোগ , ছালৰ সমস্যা বা অন্য কোনো ৰোগৰ সংক্ৰমণৰ পৰাও বচাই ৰখাত মৌচুমী টেঙাৰ ৰসে সহায় কৰে ।


একেদৰে অন্ত:সত্ত্বা অৱস্থাত ৰাতিপুৱা দুৰ্বল অনুভৱ কৰা বা বমি ভাৱ অহা , মন ক্লান্ত লগা সময়ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি মোচুমীৰ ৰস পাণ কৰিলে এই সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

সু-ফলৰ সমান্তৰালকৈ মৌচুমী টেঙাত অক্সালিক এচিদ আৰু পটাছিয়াম পৰিমাণ বেছি হোৱাৰ বাবে হৃদৰোগ , কিডনি আৰু গল্ডব্লাডাৰ ষ্টোনৰ বাবে মৌচুমী টেঙা বিপদজ্জনক । তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি মৌচুমী টেঙা খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে ।

Leave A Reply