Breaking

খালী পেটত ৰুটি খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে…

0 83

আজিকালি দ্ৰুত গতিৰ জীৱনত বেছিভাগ মানুহেই খাদ্য-পানীয়ৰ প্ৰতি একেবাৰেই গুৰুত্ব নিদিয়ে। ৰাতিপুৱা যিকোনো বস্তু খাই অফিচ বা স্কুল পোৱাৰ লক্ষ্য। এনে পৰিস্থিতিত বেছিভাগ ঘৰতে দ্ৰুত ব্ৰেকফাষ্টৰ বাবে ৰুটিৰ ব্যাপক ব্যৱহাৰ কৰা হয়। কিন্তু খালী পেটত ৰুটি খোৱাটো কিমান ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে জানেনে !বিশেষকৈ গাখীৰ বা চাহৰ সৈতে বগা ৰুটি খালে গুৰুতৰ ক্ষতি হ’ব পাৰে।

খালী পেটত ৰুটি খালে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে যদি আপুনি ইতিমধ্যে ডায়েবেটিছত আক্ৰান্ত তেন্তে খালী পেটত ৰুটি নাখাব। বিশেষকৈ বগা কৰা ৰুটি অতি সোনকালে হজম হয় যাৰ বাবে ই গ্লুক’জলৈ ৰূপান্তৰিত হয়। ই তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰে। এই ৰুটিতো যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট থাকে।

গ্ৰেইনছ ফুড ফাউণ্ডেশ্যনৰ এক প্ৰতিবেদন অনুসৰি ৰুটিত ফ’লেট, ফাইবাৰ, আইৰণ, ভিটামিন বি থাকে। কিন্তু খালী পেটত ৰুটি খুব ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। বগা ৰুটি, বহু শস্যযুক্ত বা বাদামী ৰঙৰ ৰুটি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।খালী পেটত ৰুটি খালে অন্ত্ৰৰ সমস্যা আৰু কোষ্ঠকাঠিন্য হ’ব পাৰে কাৰণ ৰুটিত প্ৰচুৰ পৰিমাণে আটা থাকে। ইয়াৰ ফলত অন্ত্ৰৰ সমস্যা হ’ব পাৰে। এইখিনি খালে পেট পৰিষ্কাৰ নহয়। গতিকে যদি আপুনি কোষ্ঠকাঠিন্যৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ৰুটি নাখাব।

Leave A Reply