Breaking

প্ৰতিদিনে পুৱা শুকান ফল খালে বেয়া কলেষ্টেৰল মাত্ৰা হ্ৰাস হয়…

0 27

শুকান ফল শৰীৰৰ বাবে অতি উপকাৰী। শৰীৰক শক্তিশালী কৰাত শুকান ফলে সহায় কৰে। প্ৰতিদিনে ৰাতিপুৱা তিয়াই থোৱা শুকান ফল খাব লাগে। ইয়াৰ ফলত বহু ৰোগ আপোনাৰ পৰা আঁতৰি থাকিব। যদি আপুনি দৈনিক শুকান ফল খাই তেন্তে শৰীৰৰ পৰা সকলো মলি ওলাই যায়। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ কোনো ক্ষতি নকৰে। যদি আপোনাৰ পাচনতন্ত্ৰ বেয়া হৈছে, তেন্তে আপুনি দৈনিক শুকান ফল খাব লাগে। শুকান ফল বেছি পৰিমাণেও খাব নালাগে। ২ বা ৪ টা খাব পাৰে। ই আপোনাক হজম শক্তি উন্নত কৰাত সহায় কৰে। ইয়াৰ উপৰিও শুকান ফলে আপোনাক সুখী হৰম’ন মুক্ত কৰাত সহায় কৰে।

বহুতে তেওঁলোকৰ ওজন বৃদ্ধিৰ বাবে অশান্তি পায়, এই সমস্যা দূৰ কৰিবলৈ আপুনি দৈনিক শুকান ফল খাব পাৰে। লগতে ৰক্ত সঞ্চালন উন্নত কৰাত যথেষ্ট সহায় কৰে। টোপনিৰ অভাৱৰ বাবেও বহু লোক অশান্তিত থাকে। দৈনিক শুকান ফল সেৱন কৰিলে আপোনাৰ টোপনি ভাল হ’ব আৰু শৰীৰে ভাগৰুৱা অনুভৱ নকৰিব। আপুনি শুকান ফলক দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব। শৰীৰত থকা বেয়া কলেষ্টেৰল কমাই শৰীৰক ফিট কৰি ৰখাতো বহুখিনি সহায় কৰে।


যদি আপোনাৰ শৰীৰ দুৰ্বল অনুভৱ হয় আৰু বাৰে বাৰে মূৰ ঘূৰোৱা অনুভৱ হয় তেন্তে দৈনিক শুকান ফল খাব লাগে।ই আপোনাক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত বহুত সহায় কৰিব। ই অতিৰিক্ত কেলৰি বৃদ্ধি কৰিবলৈ নিদিয়ে।

Leave A Reply